মোদীৰ গুজৰাটত বিজেপিৰ অথন্তৰ! পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে

Share This Article

প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্য গুজৰাটত অথন্তৰ লাগিছে ভাৰতীয় জনতা পাৰ্টিত। গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা মাহ বাকী থকা অৱস্থাত আজি আশ্চৰ্য্যজনকভাৱে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে। প্ৰাপ্ত তথ্য অনুসৰি ৰূপানিৰ শাসনক লৈ অসন্তুষ্ট আছিল বিজেপিৰ একাংশ নেতা কৰ্মী। পদত্যাগ কৰাৰ পাছত সংবাদ মাধ্যমৰ তেওঁ কয়- গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰাৰ এই সুযোগ দিয়াৰ বাবে মই বিজেপিক ধন্যবাদ জনাব বিচাৰো। মোৰ কাৰ্যকালত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰাৰ সুযোগ পাইছিলো। কিন্তু গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাত্ৰ ৮ মাহ বাকী থকাৰ অৱস্থাত মুখ্য মন্ত্ৰী গৰাকীৰ পদত্যাগে গুজৰাট কিম্বা দেশৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব আগন্তুক দিনত সেয়াহে হব লক্ষ্যনীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.