সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিভাজিত বিৰোধীয়ে বিজেপিৰ বিজয় মসৃণ কৰিছে নেকি ?

উপ –নিৰ্বাচন সমাগত ৷ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত এই মুহূৰ্তত উপ –নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ কিন্তু উপ –নিৰ্বাচনৰ দিন চমু চাপি আহিলেও এতিয়াও যেন বিৰোধী দলসমূহ একত্ৰিত হ’ব পৰা নাই ৷ বাৰে বাৰে আউল লাগিছে বিৰোধী ঐক্যত ৷ নব্যগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বল ঠেলিছে কংগ্ৰেছৰ কোৰ্টলৈ ৷ কিন্তু কংগ্ৰেছ সৈমান হ’বনে ?কি হ’ব প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাৰ ভূমিকা ? অসমৰ ৰাজনীতিত এয়া হৈ পৰিছে সাম্প্ৰতিক সময়ৰ এক উত্তৰ বিহীন প্ৰশ্ন ৷

নিৰ্বাচনী বিপৰ্যয়ৰ পাছতো বিপদে লগ এৰা নাই অসম প্ৰদেশ কংগ্ৰেছৰ ৷ সভাপতি সলনি হ’ল কিন্তু খহনীয়া এতিয়াও অব্যাহত আছে ৷ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পাছত দল এৰিলে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইয়েও ৷ মৰিয়নী , থাওৰাৰ লগতে মাজুলী , গোসাইগাও আৰু তামুলপুৰ বিধানসভা সমষ্টিতো অনুষ্ঠিত হ’ব উপ – নিৰ্বাচন ৷ কিন্তু উপ  -নিৰ্বাচনকলৈ এতিয়াও অংক মিলি অহা নাই বিৰোধীদলসমূহৰ ৷অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে প্ৰতিটো সমষ্টিত বিৰোধীৰ এজনকৈ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা কৰিছে ৷ কিন্তু ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ প্ৰস্তাৱ একপ্ৰকাৰ নসয়াৎ কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ ৰাণা গোস্বামীয়ে সোমবাৰে স্পষ্ট ভাষাৰে ঘোষণা কৰে যে উপ- নিৰ্বাচনত কংগ্ৰেছে প্ৰতিটো সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷বুধবাৰে অনুষ্ঠিত হ’বলগীয়া দলৰ নীতি নিৰ্ধাৰক সমিতিৰ সভাত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও তেও সদৰী কৰে ৷

- Donation -

কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীক ইয়াৰ পাছতে উভতি ধৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ এখন সংবাদমেলত অখিল গগৈয়ে কয় যে যদিহে কংগ্ৰেছে অকলে উপ-নিৰ্বাচনত অৱতীৰ্ণ হয় , তেনেহ’লে এখনো আসনত জয়লাভ নকৰিব ৷

এনে বাদানুবাদ চলি থকাৰ মাজতে আজি কামাখ্যা মন্দিৰত পূজা আগবঢ়াবৰ বাবে উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাই আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ তেও কয় যে বুধবাৰে বিয়লি  বজাৰ পৰা অনুষ্ঠিত হ’ববলগীয়া নীতি নিৰ্ধাৰক সমিতিৰ বৈঠকত উপ – নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰা হ’ব ৷

ইপিনে , ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে আন এখন সংবাদমেল সম্বোধন কৰি বল ঠেলিলে কংগ্ৰেছলৈ ৷ৰাণা গোস্বামীৰ মন্তব্যক লৈ অসন্তুষ্টি ব্যক্ত কৰি তেও বিৰোধী ঐক্যৰ বাবে কংগ্ৰেছক পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷

এনেদৰেই উপ- নিৰ্বাচনত বিৰোধীক ঐক্যবদ্ধ কৰাৰ দায়িত্ব এতিয়া সকলোৱে এৰিছে কংগ্ৰেছলৈ ৷ কংগ্ৰেছে বুধবাৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব ৷ কিন্তু তাৰ পূৰ্বেই ৰাণা গোস্বামীয়ে সদৰী কৰিলে নীতি নিৰ্ধাৰক সমিতিৰ বৈঠকত ল’বলগীয়া সিদ্ধান্তৰ বিষয়ে ৷ ৰাণা গোস্বামীৰ কথাই যদি সঁচা হয় , তেনেহ’লে প্ৰতিটো সমষ্টিত কংগ্ৰেছে নিজাববীয়া প্ৰাৰ্থী দিয়াটো নিশ্চিত ৷ এনে পৰিস্থিতিত প্ৰশ্ন উঠিছে – আকৌ এবাৰ উপ – নিৰ্বাচনতো বিৰোধী বিভাজিত হৈ ৰ’ব নেকি ? বহুধা বিভক্ত বিৰোধীয়ে বিজেপিৰ বিজয়ৰ পথ মসৃণ কৰি তুলিব নেকি ?

 

Leave A Reply

Your email address will not be published.