প্ৰসূতিৰ মৃত্যুৱে কঁপাইছে ত্ৰিনয়ন নাৰ্ছিংহোম

Share This Article

নগাঁৱত প্ৰসূতিৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এখন ব্যক্তিগত চিকিৎসালয়ত৷ নগাঁও বাইপাছত অৱস্থিত বৰঘাটৰ ত্ৰিনয়ণ নাৰ্ছিংহোমত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷ এগৰাকী প্ৰসূতিৰ লগতে গৰ্ভস্থ সন্তানৰ মৃত্যুক লৈ এনে পৰিস্থিতিৰ সৃষ্টি হয় নাৰ্ছিংহোমখনত৷ প্ৰসূতি-গৰ্ভস্থ সন্তানৰ মৃতদেহ আই চি ইউতে আৱদ্ধ কৰি থোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে৷ অৱশ্যে অভিযোগ খণ্ডন কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই৷ পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে আৰক্ষীৰ উপস্থিতিতহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়৷ মৃত্যু হোৱা প্ৰসূতি গৰাকী নগাঁৱৰ হাতীপাৰাৰ দীপিকা বৰা৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.