নীটৰ নামভর্তি সন্দর্ভত গুৰুত্বপূর্ণ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

Share This Article

বিগত শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে NEET-PG নামভৰ্তি সন্দৰ্ভত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭% আৰু আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০% সংৰক্ষণ নির্ধাৰণ কৰে । ইয়াৰোপৰি চলিত নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে অজয় ভূষণ পাণ্ডে সমিতিৰ মত গ্ৰহণ কৰি আৰ্থিক ভাৱে দূৰ্বল শ্ৰেণীৰ চিনাক্তকৰণৰ বাবে ৮ লাখ টকাৰ উপার্জনৰ সীমা নির্ধাৰণ কৰে৷ন্যায়াধীশ DY Chandrachud আৰু AS Bopanna ৰ বিচাৰপীঠে বৃহস্পতি বাৰে এই সিদ্ধান্ত গ্ৰহন কৰি ৰায়দান কৰে৷
অজয় ভূষণ পাণ্ডে সমিতিৰ লগতে ICSSR ৰ সচিব V K Malhotra আৰু Principal Economic Advisor Sanjeev Sanyal এ উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পূৰ্বে ৮ লাখ টকাৰ সীমা নির্ধাৰণৰ ওপৰত মতপোষণ কৰি প্ৰতিবেদন দাখিল কৰিছিল৷

সমিতিখনে জানিব দিয়ে যে এই ৮ লাখ টকাৰ সীমা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবেও প্ৰযোজ্য হ’ব। তেওঁলোকে কয় যে উক্ত শ্ৰেণীৰ লোকসকল সামাজিক আৰু শৈক্ষিক দিশত অৱহেলিত, আনহাতে সাংবিধানিক আঁচনিৰ অধীনৰ আৰ্থিক ভাৱে দূৰ্বল শ্ৰেণীৰ লোকসকল তেনে দিশত অৱহেলিত নহয়। সেয়েহে দুয়োটা শ্ৰেণীক ওপৰোক্ত একেখন আঁচনিৰ অন্তৰ্ভুক্ত কৰিলে সমতা স্থাপন হ’ব বুলি মত পোষণ কৰে সমিতি খনে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.