NEET আৰু JEE Main ২০২০ নিৰ্ধাৰিত সময়তে অনুষ্ঠিত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Share This Article

আজি উচ্চতম ন্যায়ালয়ে NEET আৰু JEE ৰ পৰীক্ষা পিছুৱাবলৈ কৰা এক আবেদন খৰিজ কৰি নিৰ্ধাৰিত সময়তে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ে NEET আৰু JEE ৰ পৰীক্ষা পিছুৱাবলৈ কৰা আবেদন খন খাৰিজ কৰি কয় যে পৰীক্ষা পিছুৱালে ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰত প্ৰভাৱ পৰিব, গতিকে পৰীক্ষা নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে NEET আৰু JEE ৰ পৰীক্ষা এই বছৰ দুবাৰকৈ পিছুৱা হৈছে। গতিকে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছত পৰীক্ষা পূৰ্ব নিৰ্ধাৰিত ভাবে অনুষ্ঠিত হ’ব। পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি JEE Main ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ আৰু JEE Advance ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। অন্যহাতেদি NEET পৰীক্ষা অহা ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.