এটা থ্ৰ’ত সকলো ভাৰতীয়ৰ হৃদয়ত স্থান পালে নীৰজে। ২৪ ঘন্টাত অনুৰাগীৰ সংখ্যা বৃদ্ধি পালে ২.২ মিলিয়নলৈ

Share This Article

স্বৰ্ণ জয়ৰ পিছতেই নীৰজ চোপ্ৰাৰ ইষ্টাগ্ৰাম একাউন্টত অনুৰাগীৰ সংখ্যা হ’লগৈ ২.২ মিলিয়ন। ইয়াৰ পূৰ্বে তেওঁৰ অনুৰাগীৰ সংখ্যা আছিল ১০০ হাজাৰ। এই ঐতিহাসিক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰাক জানিবলৈ এতিয়া গোগুলত নিৰজ চোপ্ৰা নামৰ লৰাজনক খুঁচৰি চাইছে তেওঁৰ লাখ লাখ অনুৰাগীয়ে । নীৰজ চোপ্ৰাক বুজিবলৈ, শুনিবলৈ নীৰজ চোপ্ৰাৰ শৈশৱ কৈশোৰ আৰু উত্তৰণৰ যাত্ৰাৰ কথা জানিবলৈ এতিয়া ব্যগ্ৰ হৈ পৰিছে সমগ্ৰ বিশ্বৰে তেওঁৰ হাজাৰ হাজাৰ অনুৰাগী।
নীৰজ চোপ্ৰা। এতিয়া সকলো ভাৰতীয়ই গৰ্বেৰে উচ্চাৰণ কৰা এটা নাম।
অৱশেষত ভাৰতীয় ট্ৰেক এণ্ড ফিল্ডত নতুন যুগৰ সুচনা হ’ল। জেভলিন থ্ৰৱাৰ নীৰজ ছোপ্ৰাই বিগত সময়ৰ বিফলতাৰ ধাৰা ভংগ কৰি ৰচিলে ইতিহাস।
১২১ বছৰৰ পিছত এথলিকচত ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক। টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰি ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই। অলিম্পিকৰ ইতিহাসত এয়া এথলিকছত ভাৰতৰ প্ৰথমটো আৰু ব্যক্তিগতভাৱে ২য়টো সোণৰ পদক । ৮৭.৫৮ মিটাৰ জেভেলিন থ্ৰত সোনৰ পদত আনিবলৈ সক্ষম হ’ল ভাৰতীয় সেনাৰ এজন কৰ্মৰত বিষয়াই।
আজি আমি আপোনালোকক ক’বলৈ ওলাইছো নীৰজ চোপ্ৰা আজিৰ নীৰজ চোপ্ৰা হোৱাৰ আঁৰৰ কাহিনী।
কোনো এক ইপ্সিত লক্ষ্যত উপনীত হ’বলৈ যেতিয়া লক্ষ্য স্থিৰ ৰাখি কঠোৰ সাধনা কৰা হয় তেতিয়াই কোনো এজনে সমগ্ৰ দেশৰ চকুত ৰচিব পাৰে সপোন। এই কথাই প্ৰমাণ কৰিলে হাৰিয়ানাৰ এইজন কৃষক পুত্ৰ নিৰজ চোপ্ৰাই।
হাৰিয়ানাৰ এখন সৰু গাওঁ খান্দাৰাত ১৯৯৭ চনৰ ২৮ ডিচেম্বৰত জন্ম লাভ কৰিছিল নীৰজে। পানীপতৰ শিৱাজী ষ্টেডিয়ামত প্ৰশিক্ষক জিতেন্দ্ৰৰ ওচৰত জেভলিনৰ প্ৰশিক্ষণ আৰম্ভ কৰা চোপ্ৰাই ২০১৬ চনত যোগদান কৰে ভাৰতীয়ে সেনাত। ২০১৬ চনত গুৱাহাটীত অনুষ্ঠিত চাউথ ইণ্ডিয়ান গেমছত স্বৰ্ণ জয়েৰে নীৰজে লাভ কৰিছিল প্ৰথমটো আন্তৰাষ্ট্ৰীয় পদক। ২০১৮ চনৰ কমনৱেথ গেমছ আৰু এছিয়ান গেমছৰ স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাই আঘাতৰ বাবে যঠেষ্ট দিন আঁতৰি থাকিব লগা হৈছিল। কিন্তু সেইবছৰৰে চাউথ আফ্ৰিকাত ৮৭.৮৬ মিটাৰ থ্ৰ কৰি টকিঅ অলিম্পিকৰ বাবে যোগ্যতা লাভ কৰিলে তেওঁ।

সেয়া নীৰজৰ শৈশৱৰ কথা । ৮০ কিঃগ্ৰাঃ ওজনৰ ল’ৰাটোক কুৰ্তা পাইজামা পিন্ধাৰ পিছত গাঁৱৰ মানুহে গাওঁবুঢ়া বুলিয়েই জোকাইছিল। খুড়াকে এদিন পানীপথৰ ক্ৰীড়া ষ্টেডিয়ামলৈ লৈ গৈছিল সৰু ল’ৰাটোক। সেয়া ২০১১ চনৰ কথা। জিম শেষ হোৱাৰ পিছত পৰিয়ালে নজনাকৈ লৰাটো SAI চেন্টাৰলৈ যাবলৈ আৰম্ভ কৰিলে।
এদিন পৰিয়ালৰ মানুহে ফটো দেখি আচৰিত হ’ল বাতৰি কাকতত। আন্তঃজিলা জেভেলিন প্ৰতিযোগিতাত পুৰস্কাৰ পাইছে নীৰজে। এইটোনো কিবা খেল হলনে ? পৰিয়ালৰ মানুহে ভাবিছিল। ২ বছৰৰ পিছত প্ৰশিক্ষণৰ স্থান সলনি কৰা হৈছিল নীৰজৰ। বদলি কৰা হৈছিল পঞ্চকুলাৰ তাউ দেবীলাল ষ্টেডিয়ামলৈ। ২০১৫ ত ৰাষ্ট্ৰীয় কেম্পলৈ আমন্ত্ৰণ জনোৱা হ’ল নীৰজক।
বাইক চলোৱা আৰু পাঞ্জাৱী গান শুনাটো নীৰজৰ চখ। ইফালে এসময়ত নিৰামিষ আহাৰ খোৱা নীৰজে খেলৰ বাবেই আমিষ খাবলৈ আৰম্ভ কৰিছিল।
পোলেণ্ডত হোৱা Under 20 খেলত অভিলেখ গঢ়ি নীৰজে হাৰিয়ানাৰ সৰু খাণ্ডৰা নামৰৰ গাওঁখনক পৰিচিত কৰাই দিলে বিশ্ববাসীৰ মাজত। । তাৰ পিছত আৰু থমকি ৰোৱা নাই নীৰজ। ইতিমধ্য লৰাজন অপ্ৰতিৰোধ্য বুলি আৰম্ভ হৈ গৈছিল চৰ্চা।
চন ২০১৯ । বছৰটো সুখজনক নাছিল নীৰজৰ বাবে। কান্ধৰ আঘাট আৰু আঘাটৰ পিছৰ অস্ত্ৰোপচাৰৰ বাবে কেইবামাহ ধৰি জিৰণি ল’ব লগা হৈছিল নীৰজে। কিন্তু নীৰজ আছিল যুজাৰু। গতিকে ভাগি পৰিলে জানো হ’ব। ইয়াৰ পূৰ্বেও ২০১২ চনত বাস্কেট বল খেলি থাকোতে মণিবন্ধ ভাগিছিল তেওঁৰ।
ইফালে ২০২০ ত কোৰোণাৰ বাবে অলিম্পিক নহল । লৰাজন ভাগি নপৰিল। প্ৰত্যাহ্বান আৰু বাধাক ইতিমধ্যে সম্ভাৱনাৰ বাট হিচাপে গ্ৰহণ কৰিবলৈ শিকি গৈছিল নীৰজে ।
৭ আগষ্ট, ২০২১ । নৰ্মেল প্ৰিটচাৰ্ডে ভাৰতৰ বাবে ৰূপৰ পদক লাভ কৰাৰ পিছত ভাৰতৰ ১২১ বছৰীয়া সপোনটোক বাস্তৱ কৰি দেখুৱালে। ইতিহাসৰ সাক্ষী হৈ ৰলো আমি সকলো ভাৰতীয়। ২৩ বছৰীয়া নিৰজৰ দৃষ্টি এতিয়া পেৰিছ অলিম্পিক। এইবাৰৰ টকিঅ’ অলিম্পিক আছিল ভাৰতৰ ক্ৰীড়াক্ষেত্ৰলৈ প্ৰেৰণা আৰু সাহস কঢ়িয়াই অনাৰ সোণালী বাৰ্তা। এই বাটে পোহৰাই ৰাখক আগন্তুক সময়ৰ সম্ভাৱনাৰ বহুতো নতুন বাট।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.