সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কলকাতাৰ কোম্পেনীৰ জড়িয়তে ধন বিনিয়োগ : ৯ জুনলৈ ইডিৰ জিন্মাত কেজৰিৱালৰ স্বাস্থ্যমন্ত্ৰী

অহা ৯ জুনলৈ ই ডিৰ জিন্মাতে থাকিব দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন ৷ অবৈধ ধন সৰবৰাহৰ গোচৰত ই ডিয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱাল মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীক ৷ মঙলবাৰে সত্যেন্দ্ৰ জৈনক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওক ৯ জুন পৰ্যন্ত ই ডিৰ জিন্মালৈপ্ৰেৰণ কৰা হয় ৷
ই ডিৰ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি , দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে হাৱালাৰ জড়িয়তে ধনৰ অবৈধ সৰবৰাহ কৰিছে ৷ ইয়াৰ বাবে তেও সহায় লৈছিল কলকাতাৰ শ্বেল কোম্পেনীৰ ৷ কলকাতাৰ শ্বেল কোম্পেনীৰ জড়িয়তে তেও ১৬.৩৯ কৌটি টকা নিজৰ চাৰিটা কোম্পেনীত বিনিয়োগ কৰা দেখুৱাইছিল ৷ ই ডিৰ নথিত উল্লেখ থকা অনুসৰি , ১৬.৩৯ কৌটি টকাৰ শ্বেয়াৰ কলকাতাৰ কোম্পেনীয়ে ক্ৰয় কৰিছিল সত্যেন্দ্ৰ জৈন আৰু তেওৰ পৰিয়ালৰ নামত থকা চাৰিটাকৈ কোম্পেনীৰ পৰা ৷ কিন্তু এই সমুদায় ধন আছিল সত্যন্দ্ৰ গাৰ্গে কোনো অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ কৰা ৷ যি ধন পৰৱৰ্তী সময়ত কলকাতাৰ কোম্পেনীৰ বিনিয়োগ হিচাপে দেখুৱাইছিল ৷ সত্যেন্দ্ৰ জৈন জড়িত থকা কোম্পেনীকেইটা হ’ল –ইণ্ডো মেটালমপেক্স প্ৰাইভেট লিমিটেড , অকিনছন ডেভ’ল’পাৰ্ছ প্ৰাইভেট লিমিটেড , পাৰয়ছ ইনফোচলিউশ্যন প্ৰাইভেট লিমিটেড , মংগলয়টান প্ৰজেক্টছ প্ৰাইভেট লিমিটেড ৷ এই চাৰিটা কোম্পেনীৰ নামত সত্যেন্দ্ৰ জৈনে ২০০ বিঘাৰো অধিক কৃষিভূমি ক্ৰয় কৰা বুলি ই ডিয়ে উল্লেখ কৰিছে ৷ কলকাতাৰ শ্বেল কোম্পেনীৰ জড়িয়তে ধনৰ অবৈধ সৰবৰাহৰ গোচৰতেই এতিয়া কাৰাবন্দী হ’বলগীয়া হৈছে সত্যেন্দ্ৰ গাৰ্গ ৷

ইপিনে , আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰিছে যে তেও ব্যক্তিগতভাৱে গোচৰটো অধ্যয়ন কৰিছে ৷ আৰু এইটো এটা সম্পূৰ্ণ ভুৱা গোচৰ ৷

- Donation -

Leave A Reply

Your email address will not be published.