কলকাতাৰ কোম্পেনীৰ জড়িয়তে ধন বিনিয়োগ : ৯ জুনলৈ ইডিৰ জিন্মাত কেজৰিৱালৰ স্বাস্থ্যমন্ত্ৰী

Share This Article

অহা ৯ জুনলৈ ই ডিৰ জিন্মাতে থাকিব দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন ৷ অবৈধ ধন সৰবৰাহৰ গোচৰত ই ডিয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱাল মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীক ৷ মঙলবাৰে সত্যেন্দ্ৰ জৈনক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওক ৯ জুন পৰ্যন্ত ই ডিৰ জিন্মালৈপ্ৰেৰণ কৰা হয় ৷
ই ডিৰ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি , দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে হাৱালাৰ জড়িয়তে ধনৰ অবৈধ সৰবৰাহ কৰিছে ৷ ইয়াৰ বাবে তেও সহায় লৈছিল কলকাতাৰ শ্বেল কোম্পেনীৰ ৷ কলকাতাৰ শ্বেল কোম্পেনীৰ জড়িয়তে তেও ১৬.৩৯ কৌটি টকা নিজৰ চাৰিটা কোম্পেনীত বিনিয়োগ কৰা দেখুৱাইছিল ৷ ই ডিৰ নথিত উল্লেখ থকা অনুসৰি , ১৬.৩৯ কৌটি টকাৰ শ্বেয়াৰ কলকাতাৰ কোম্পেনীয়ে ক্ৰয় কৰিছিল সত্যেন্দ্ৰ জৈন আৰু তেওৰ পৰিয়ালৰ নামত থকা চাৰিটাকৈ কোম্পেনীৰ পৰা ৷ কিন্তু এই সমুদায় ধন আছিল সত্যন্দ্ৰ গাৰ্গে কোনো অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ কৰা ৷ যি ধন পৰৱৰ্তী সময়ত কলকাতাৰ কোম্পেনীৰ বিনিয়োগ হিচাপে দেখুৱাইছিল ৷ সত্যেন্দ্ৰ জৈন জড়িত থকা কোম্পেনীকেইটা হ’ল –ইণ্ডো মেটালমপেক্স প্ৰাইভেট লিমিটেড , অকিনছন ডেভ’ল’পাৰ্ছ প্ৰাইভেট লিমিটেড , পাৰয়ছ ইনফোচলিউশ্যন প্ৰাইভেট লিমিটেড , মংগলয়টান প্ৰজেক্টছ প্ৰাইভেট লিমিটেড ৷ এই চাৰিটা কোম্পেনীৰ নামত সত্যেন্দ্ৰ জৈনে ২০০ বিঘাৰো অধিক কৃষিভূমি ক্ৰয় কৰা বুলি ই ডিয়ে উল্লেখ কৰিছে ৷ কলকাতাৰ শ্বেল কোম্পেনীৰ জড়িয়তে ধনৰ অবৈধ সৰবৰাহৰ গোচৰতেই এতিয়া কাৰাবন্দী হ’বলগীয়া হৈছে সত্যেন্দ্ৰ গাৰ্গ ৷

ইপিনে , আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰিছে যে তেও ব্যক্তিগতভাৱে গোচৰটো অধ্যয়ন কৰিছে ৷ আৰু এইটো এটা সম্পূৰ্ণ ভুৱা গোচৰ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.