উত্তৰ প্ৰদেশৰ বুলি বিজেপি মন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বেইজিঙৰ বিমাবন্দৰৰ ফটো

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নয়দাৰ জেৱৰত এটা বিশাল বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে ৷কিন্তু একেসময়তে ভাৰতীয় জনতা পাৰ্টীৰ কিছুসংখ্যক নেতাই এটা বিমানবন্দৰৰ ফটো শ্বেয়াৰ কৰি সেয়া জেৱৰ বিমান বন্দৰ বুলি অভিহিত কৰে ৷ কিন্তু ততালিকে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ পৰা প্ৰত্যুত্তৰ আহে যে এই ফটোখন মিছা ৷ সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱেও টুইট কৰি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে –“বিজেপিৰ মিছা কথাৰ উদাহৰণ এয়া ৷ মিছা দাবী কৰা সকলৰ চিন্তা কিদৰে সঁচা হ’ব ৷’
আচলতে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যাই এটা বিমানবন্দৰৰ ফটো শ্বেয়াৰ কৰি লিখে যে এছিয়াৰ সৰ্ববৃহৎ এয়াৰপোৰ্টৰ ৰূপত নয়দা ইন্টাৰনেশ্যনেলত ৩৫ হাজাৰ কৌটি টকা বিনিয়োগ কৰা হৈছে ৷ ইয়াৰ জড়িয়তে এক লাখতকৈ অধিক লোকে ৰোজগাৰ লাভ কৰিব আৰু বিকাশো দ্ৰুত হ’ব ৷’ বিত্ত মন্ত্ৰী সুৰেশ খান্নাইও একেখন ফটো শ্বেয়াৰ কৰে ৷ কিন্তু টুইটাৰত কিছু সময়ৰ ভিতৰতে তেওলোকৰ ভুৱা প্ৰচাৰ ধৰা পৰে ৷ কাৰণ , যিখন ফটো তেওলোকে জেবৰ এয়াৰপোৰ্টৰ বুলি শ্বেয়াৰ কৰিছিল সেই ফটোখন আচলতে আছিল চীনৰ বেইজিঙৰ এটা বিমানবন্দৰৰ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.