ভাৰতত আৰম্ভ হ’ব ৰিমোট ভোটিঙ

Share This Article

ই ভি এমক লৈ সততে উত্থাপন হয় টেম্পাৰিঙৰ অভিযোগ ৷ এই অভিযোগৰ বাট বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগে লৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই পদক্ষেপ অনুসৰি ভাৰতত আৰম্ভ হ’ব ৰিমোট ভোটিঙ ৷ ইয়াৰ ফলত ঘৰৰ পৰা আঁতৰত থকা কোনো লোকে ভোট দিবলৈ ঘৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাথাকিব ৷ তাৰ পৰাই তেও নিজৰ সমষ্টিৰ বাবে ভোটদান কৰিব পাৰিব ৷ ইয়াৰ বাবে বিভিন্ন স্থানত ৰখা হ’ব ৰিমোট ভোটিঙ মেচিনসমূহ ৷ ইয়াৰ জড়িয়তে নিজৰ সমষ্টি নিৰ্বাচন কৰি ভোটাৰেভোটদান কৰিব পাৰিব ৷ আই আই টি মাদ্ৰাছৰ লগত নিৰ্বাচন আয়োগে যুটীয়াভাৱে ইয়াৰ সঠিক প্ৰযুক্তি উদ্ভাৱনৰ কাম কৰি আছে ৷ সংসদীয় সমিতিৰ আগত ইতিমধ্যে নিৰ্বাচন আয়োগে ৰিমোট ভোটিঙক লৈ পাৱাৰ পইন্ট প্ৰেজেনন্টেশ্যনো দিছে ৷ সকলো অনুমতি লাভ কৰিলে ২০২৪ ৰ নিৰ্বাচনত এই পদ্ধতি আৰম্ভ হ’ব পাৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.