সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জি নিউজে কিয় ডিলিট কৰিব লাগিব বাতৰি?

জি নিউজে কৃষক আন্দোলন সন্দর্ভত কৰা তিনিটা শ্ব’ এতিয়া ডিলিট কৰিব লাগিব ফেচবুক,ইউটিউব অথবা ইনষ্টাগ্ৰামৰ পৰা৷সাত দিনৰ ভিতৰত এই তিনিটা শ্ব’ ডিলিট কৰিবলৈ নিদের্শনা জাৰি কৰিছে News Broadcasting and Digital Standards Authority য়ে৷এই নিদের্শনাত জি নিউজে চলিত বর্ষৰ ১৯ আৰু ২০ জানুৱাৰীত পৰিবেশন কৰা দুটা বাতৰি ডিলিট কৰিবলৈ সাতদিনৰ সময় বান্ধি দিয়া হৈছে৷এই দুয়োটা বাতৰিত কৃষক বিদ্ৰোহৰ লগত খালিস্তানী সম্পর্কৰ প্ৰসংগ উত্থাপন কৰিছিল জি নিউজে৷আন এটা বাতৰিত জি নিউজৰ এংকৰজনে প্ৰতিবাৰে কৃষকে লালকিল্লাৰ পৰা জাতীয় পতাকা নমাই তাত খালচা পতাকা উত্তোলন কৰিছে বুলি উল্লেখ কৰিছিল৷অন্যহাতে জি নিউজে কৃষক আন্দোলনৰ সময়ত সঘনে ব্যবহাৰ কৰা কিছুমান হেডলাইন আৰু টেগলাইন চিনাক্ত কৰি উলিয়াইছে News Broadcasting and Digital Standards Authority য়ে৷ইয়াৰ ভিতৰত আছে-War against the Republic, Civil War on Republic Day, Tractor march or War, Conspiracy of a War against the republic, Terror Tractor-Trailers in the protest৷
প্ৰতিবাদী কৃষকক খালিস্তানী সজোৱা এই সমূহ শ্ব এতিয়া ৭ দিনৰ ভিতৰত ডিলিটভ কৰিব লাগিব জি নিউজে৷

Leave A Reply

Your email address will not be published.