৫০ বছৰ পাছত আজি কিয় নুমাই দিয়া হ’ব অমৰ জৱান জ্যোতিৰ অগ্নিশিখা ?

Share This Article

নুমাই দিয়া হ’ব নতুন দিল্লীৰ অমৰ জৱান জ্যোতিৰ অনিৰ্বান শিখা ৷ শুকুৰবাৰে অমৰ জৱান জ্যোতিৰ শিখা ৱাৰ মেম’ৰিয়েলৰ অগ্নিশিখাৰ লগত একলগ কৰা হ’ব ৷ ১৯৭১ চনৰ ভাৰত- পাকিস্তান যুদ্ধত ছহিদ হোৱা ভাৰতীয় সেনাৰ স্মৃতিত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্থাপন কৰিছিল অমৰ জৱান জ্যোতি ৷ ১৯৭২ চনৰ ২৭ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে এই স্মৃতি শিখাৰ উদ্বোধন কৰিছিল ৷ শিলৰ স্তম্ভৰ ওপৰত ওলোটাকৈ ৰখা ৭.৬২ স্বয়ংক্ৰিয় ৰাইফল আৰু তাৰ ওপৰত ভাৰতীয় সেনাৰ শিৰস্ত্ৰাণৰ স্মাৰক অমৰ জৱান জ্যোতিত স্থাপন কৰা হৈছিল ৷ তাৰ সন্মুখতে আছে সৰ্বক্ষণ প্ৰজ্বলিত হৈ থকা অগ্নিশিখা ৷ বিগত প্ৰায় ৫০ বছৰ ধৰি এই অগ্নিশিখা প্ৰজ্বলিত হৈ থকাৰ পাছত আজি তাক ৱাৰ মেম’ৰিয়েলৰ অগ্নিশিখাৰ লগত একত্ৰিত কৰা হয় ৷ কেন্দ্ৰৰ মতে সেই সময়ত দেশত কোনো ৱাৰ মেম’ৰিয়েল নথকা বাবে অমৰ জৱান জ্যোতি স্থাপন কৰা হৈছিল ৷ কিন্তু এতিয়া নেশ্যনেল ৱাৰ মেম’ৰিয়েল স্থাপন হোৱাৰ বাবে অমৰ জৱান জ্যোতিৰ অগ্নিশিখাৰ স্থান সলনি কৰা হ’ল ৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া গেটৰ সমীপত এই ৱাৰ মেম’ৰিয়েল উদ্বোধন কৰিছিল নৰেন্দ্ৰ মোদীয়ে ৷আনহাতে , অগ্নিশিখা নুমাই দিয়া কাৰ্যক সেনাৰ আত্মবলিদানৰ প্ৰতি অপমান হিচাপে অভিহিত কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.