সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৫০ বছৰ পাছত আজি কিয় নুমাই দিয়া হ’ব অমৰ জৱান জ্যোতিৰ অগ্নিশিখা ?

নুমাই দিয়া হ’ব নতুন দিল্লীৰ অমৰ জৱান জ্যোতিৰ অনিৰ্বান শিখা ৷ শুকুৰবাৰে অমৰ জৱান জ্যোতিৰ শিখা ৱাৰ মেম’ৰিয়েলৰ অগ্নিশিখাৰ লগত একলগ কৰা হ’ব ৷ ১৯৭১ চনৰ ভাৰত- পাকিস্তান যুদ্ধত ছহিদ হোৱা ভাৰতীয় সেনাৰ স্মৃতিত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্থাপন কৰিছিল অমৰ জৱান জ্যোতি ৷ ১৯৭২ চনৰ ২৭ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে এই স্মৃতি শিখাৰ উদ্বোধন কৰিছিল ৷ শিলৰ স্তম্ভৰ ওপৰত ওলোটাকৈ ৰখা ৭.৬২ স্বয়ংক্ৰিয় ৰাইফল আৰু তাৰ ওপৰত ভাৰতীয় সেনাৰ শিৰস্ত্ৰাণৰ স্মাৰক অমৰ জৱান জ্যোতিত স্থাপন কৰা হৈছিল ৷ তাৰ সন্মুখতে আছে সৰ্বক্ষণ প্ৰজ্বলিত হৈ থকা অগ্নিশিখা ৷ বিগত প্ৰায় ৫০ বছৰ ধৰি এই অগ্নিশিখা প্ৰজ্বলিত হৈ থকাৰ পাছত আজি তাক ৱাৰ মেম’ৰিয়েলৰ অগ্নিশিখাৰ লগত একত্ৰিত কৰা হয় ৷ কেন্দ্ৰৰ মতে সেই সময়ত দেশত কোনো ৱাৰ মেম’ৰিয়েল নথকা বাবে অমৰ জৱান জ্যোতি স্থাপন কৰা হৈছিল ৷ কিন্তু এতিয়া নেশ্যনেল ৱাৰ মেম’ৰিয়েল স্থাপন হোৱাৰ বাবে অমৰ জৱান জ্যোতিৰ অগ্নিশিখাৰ স্থান সলনি কৰা হ’ল ৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া গেটৰ সমীপত এই ৱাৰ মেম’ৰিয়েল উদ্বোধন কৰিছিল নৰেন্দ্ৰ মোদীয়ে ৷আনহাতে , অগ্নিশিখা নুমাই দিয়া কাৰ্যক সেনাৰ আত্মবলিদানৰ প্ৰতি অপমান হিচাপে অভিহিত কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷

Leave A Reply

Your email address will not be published.