সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

 মিজোৰ গতা,বন বিভাগৰ খেদাত ত্ৰস্তমান সীমান্তবাসী

এফালে মিজোৰ আগ্ৰাসন, আনহাতে বন বিভাগৰ উচ্ছেদৰ জাননী ! হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । দৰাচলতে ৰাজ্য চৰকাৰৰ নিৰ্দেশত হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তত আৰম্ভ হৈছে এটা কমাণ্ডো বেটেলিয়ন কেম্প নিৰ্মাণৰ কাম । ইতিমধ্যে অসম আৰক্ষী, হাইলাকান্দি জিলা প্ৰশাসন আৰু বন বিভাগে সম্মিলিত ভাবে কেম্পৰ ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ কৰিছে । হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমন্তবৰ্তী দামছেড়া গাঁৱত এই কেম্পৰ প্ৰশিক্ষণ শিবিৰটোৰ নিৰ্মাণৰ যোজা চলাইছে প্ৰশাসনে আৰু ইয়াৰ ফলতে বিপাঙত পৰিছে সীমান্তবৰ্তী গাওঁখনৰ বহু পৰিয়াল । বহু বছৰৰ পৰা মিজোৰামৰ আগ্ৰাসনৰ পৰা অসমৰ ভূমিক ৰক্ষা কৰা এই পৰিয়ালবোৰক এতিয়া আঁতৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে বন বিভাগে । বন বিভাগৰ এই নিৰ্দেশক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সীমান্ত এলেকাত । স্থানীয় দল সংগঠনে এওঁলোকক উপযুক্ত ক্ষতিপূৰণ আৰু সংস্থাপন প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে । ইপিনে, কাটলিছেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক অবগত কৰাব বুলি মন্তব্য প্ৰদান কৰিছে ।

Leave A Reply

Your email address will not be published.