সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কংগ্ৰেছ নাথাকিলে কি হ’লহেঁতেন :কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

কংগ্ৰেছক গণতন্ত্ৰ বিৰোধী দল বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্যসভাত কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে পৰিয়ালতন্ত্ৰৰ বাহিৰে আন একো কথা চিন্তাই কৰা নাছিল ৷ ভাৰতৰ গণতন্ত্ৰৰ বাবে পৰিয়ালবাদেই হ’ল আটাইতকৈ ডাঙৰ বিপদ ৷ পৰিয়ালবাদে অধিক গুৰুত্ব পালে প্ৰতিভাধৰসকলে আটাইতকৈ বেছি লোকচান ভৰিবলগীয়া হয় ৷ তেও লগতে কয় যে কংগ্ৰেছ নাথাকিলে দেশত জাতিবাদৰ ৰাজনীতি ইমান দূৰলৈ বিয়পিব নোৱাৰিলেহেঁতেন ৷কংগ্ৰেছ নাথাকিলে দেশত জৰুৰীকালীন অৱস্থা নহ’লহেতেন ৷ কংগ্ৰেছ নাথাকিলে শিখৰ নৰসংহাৰো নহ’লহেঁতেন ৷বছৰ বছৰ ধৰি পঞ্জাৱত সন্ত্ৰাসবাদীৰ দপদপনি নাথাকিলহেঁতেন ৷
ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদসূচক ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছ যেতিয়া দেশৰ শাসনত আছিল , তেতিয়া দেশৰ কোনো বিকাশ হ’বলৈ নিদিলে ৷ এতিয়া বিৰোধীৰ আসনত থাকি বিকাশত বাধা প্ৰদান কৰি আছে ৷

Leave A Reply

Your email address will not be published.