ঘোঁৰা লৈ উভতিল মন্ত্ৰী ৰাজনাথ মৰমতে ঘোঁৰাৰ নাম দিলে ‘তেজচ’

Share This Article

ঘোঁৰা লৈ উভতিল মন্ত্ৰী ৰাজনাথ
মৰমতে ঘোঁৰাৰ নাম দিলে ‘তেজচ’

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পালে ঘোঁৰা

ঘোঁৰা লৈ মংগোলিয়াৰ পৰা ভাৰতলৈ মন্ত্ৰী ৰাজনাথ

মংগোলিয়া ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰথম গৰাকী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

বিগত ৫ ছেপ্তেম্বৰত ৩ দিনীয়া ভ্ৰমণসূচীৰে মংগোলিয়ালৈ গৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

বুধবাৰে তেওঁৰ এই ভ্ৰমণৰ অন্ত পৰাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি খুৰেলচুখে তেওঁক উপহাৰ হিচাপে এই ঘোঁৰাটো প্ৰদান কৰে৷

ঘোঁৰা পাই সুখী হোৱা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰত লিখিছে “মংগোলিয়াৰ বিশেষ বন্ধুৰ পৰা বিশেষ এটা উপহাৰ পাইছোঁ৷মই এই ধুনীয়া ঘোঁৰাটোৰ নাম দিছোঁ
‘তেজাচ’ধন্যবাদ ৰাষ্ট্ৰপতি খুৰেলচুখ৷ধন্যবাদ মংগোলিয়া৷”

মংগোলিয়াৰ সংস্কৃতিত ঘোঁৰাক আটাইতকৈ সন্মানীয় উপহাৰ হিচাপে বিবেচনা কৰা হয়৷

অতিথিক ঘোঁৰা উপহাৰ দিয়াটো তেওঁলোকে গৌৰৱৰ বিষয় বুলি ভাৱে৷

দেশখনৰ প্ৰতি ঘৰ মানুহৰ ঘৰতেই ঘোঁৰা থাকে আৰু ঘোঁৰা দৌৰ বা অশ্বাৰোহনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো তেওঁলোকৰ সংস্কৃতি

৩দিনীয়া ভ্ৰমণসূচীৰে দেশখনলৈ যোৱা ৰাজনাথ সিঙে মঙলবাৰে ৰাষ্ট্ৰপতি খুৰেলচুখৰ লগত এক বৈঠকত অংশ লয়

দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক চুক্তিৰ বিষয়টো পুনৰ বাৰ ৰিভিউ কৰি গৃহমন্ত্ৰী গৰাকীয়ে টুইটাৰত লিখিছে “ বৈঠকখন অত্যন্ত সফল আছিল৷২০১৮ চনত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী আছিল আৰু তেতিয়াও আমি দ্বিপাক্ষিক চুক্তি সম্পৰ্কত কথা পাতিছিলোঁ৷আমি দুয়োখন দেশেই চুক্তিক লৈ সুখী৷”

২০১৫ চনতো প্ৰধানমন্ত্ৰী মোডীক দেশখনৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী চিমেড চাইখানবিলেগে এটা ঘোঁৰা উপহাৰ হিচাপে আগবঢ়াইছিল

উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুঠ ৫ দিনীয়া ভ্ৰমণসূচী লৈ মংগোলিয়া আৰু জাপানলৈ গৈছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.