Investigative reporting with dedication.

ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে দুৃঃখবৰ! ছেমিফাইনেলৰ পূৰ্বে আঘাতপ্রাপ্ত ক্ৰিকেটাৰ বিৰাট কোহলি। ৰোহিত শৰ্মাৰ পিছত এইবাৰ আঘাতপ্রাপ্ত প্ৰাক্তন অধিনায়কগৰাকী।এডিলেডত অনুশীলনৰ সময়ত আঘাতপ্রাপ্ত হয় ‘কিং’ কোহলি।বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত। নেট অনুশীলনত হৰ্ষল পেটেলে বলিং কৰি থকাৰ সময়ত বলটো কোহলিৰ কান্ধত লাগে।ফলত কান্ধত আঘাতপ্রাপ্ত হয় কোহলি। উল্লেখ্য যে, মঙলবাৰে নেট অনুশীলনৰ সময়ত অধিনায়ক ৰোহিত শৰ্মাও আঘাতপ্রাপ্ত হৈছিল। জানিব পৰা মতে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা নাই বিৰাট কোহলি।




