সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভেকচিন দি ভয়ত কঁপিছে চৰকাৰ !

ভেকচিন দি বিপদত পৰিছে চৰকাৰ৷তাৰেই পৰিপ্ৰেক্ষিতত এতিয়া সতর্কীকৰণৰ কথা কৈ দায় সৰাৰ চেষ্টা চৰকাৰৰ ।বিগত বৰ্ষত ক’ভিড ভেকচিন লৈ প্ৰাণ হেৰুৱা দুগৰাকী মহিলাৰ পিতৃমাতৃয়ে ন্যায়ালয়ত দাখিল কৰিছিল এখন আবেদন।হায়দৰাবাদৰ ৰচনা গংগু আৰু কয়ম্বাটুৰৰ বেনুগোপালন গবিন্দমে উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি আৱেদন কৰিছিল। হায়দৰাবাদৰ গংগুৰ কন্য হৃত্বিকাই ২০২১ চনৰ মে’ মাহত ক’ভিডৰ প্ৰথম ভেকচিন লৈছিল আৰু জুন মাহত তেওঁৰ মৃত্যু হৈছিল।আনহাতে,দ্বিতীয় ভুক্তভোগী কয়ম্বাটুৰৰ গবিন্দমৰ পৰিয়ালৰ ২০ বছৰীয়া কন্যা কাৰুন্যাই ২০২১ চনৰ জুন মাহত ভেকছিন লৈছিল আৰু জুলাইত মৃত্যু হৈছিল।বিগত আগষ্ট মাহত ,ন্যায়ালয়ে ভুক্তভোগী আৱেদনকাৰীৰ পৰা আৱেদন লাভ কৰি ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কত কেন্দ্ৰলৈ এক জাননী প্ৰেৰণ কৰিছিল৷ভুক্তভোগী পৰিযাল দুটাই আৰ্থিক ক্ষতিপূৰণো বিচাৰিছিল আবেদনত৷সেই আৱেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে এক শপতনামা দাখিল কৰিছে উচ্চতম ন্যায়ালয়ত।কিন্তু এই শপতনামাত কি কৈছে কেন্দ্ৰীয় চৰকাৰে?শপতনামাত কেন্দ্ৰীয় চৰকাৰৰ দাবী,ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে কোনো কাৰণতে জগৰীয়া নহয় চৰকাৰ৷কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামা অনুসৰি কাৰোবাৰ ভেকচিন লৈ মৃত্যু হ’লে তাৰ বাবে চিভিল কৰ্টত ক্ষতিপূৰণ দাবী কৰিব পাৰিব৷শপতনামাত আনকি এনে মৃত্যু সম্পৰ্কত এক স্বতন্ত্ৰ তদন্তৰ দাবী কৰা হয় আৰু ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হিচাপে কিবা অসুবিধাৰ সন্মুখীন হ’লে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰা হয়৷ভুক্তভোগীৰ আৱেদনৰ উত্তৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কয় “ নগণ্য সংখ্যক এনে ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ মৃত্যুৰ বাবে ক্ষতিপূৰণ দাবী কৰাটো প্ৰকৃততে ন্যায়সংগতভাৱে গ্ৰহণযোগ্য নহয় ।”ভুক্তভোগীয়ে ক্ষতিপূৰণ বিচৰা সম্পৰ্কত কেন্দ্ৰই কয় “ যদি এজন মানুহে যিকোনো শৰীৰৰ আঘাত বা মৃত্যুৰ সন্মুখীন হয় ,তেন্তে আইন অনুসৰি ইয়াৰ প্ৰকৃত ক্ষতিপূৰণ লাভৰ উপায় আছে৷এই আইন অনুসৰি ইয়াৰ বাবে সকলো ক্ষতিপূৰণ চিভিল কৰ্টৰ জৰিয়তে লাভ কৰিব ।”নিজৰ গুৰুত্বহীনতাৰ বাবে এনে পৰিস্থিতিৰ সম্ভাৱনা নথকা নহয়,সেয়ে প্ৰতিটো ঘটনাই বিশেষভাৱে পৰ্যবেক্ষণ কৰিব লাগিব বুলি কোৱা হৈছে শপতনামাত।
উল্লেখ্য যে,২০২১চনৰ জানুৱাৰীৰ পৰা ভাৰতত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছিল।২০২২ চনৰ ১৯ নবেম্বৰলৈকে দেশত ২১৯ কোটি ভেকচিন প্ৰদান কৰা হৈছিল৷কিন্তু এতিয়ালৈকে ৯২,১১৪ টা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ অভিযোগ পোৱা গৈছে।ইয়াৰে ২,৭৮২ জন গুৰুতৰভাৱে পাৰ্শ্বক্ৰিয়াত আক্ৰান্ত হৈছে৷অবশ্যে ইয়াৰে সকলোবোৰ ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত হোৱা বুলি গণ্য কৰিব নোৱাৰি।স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ভেকচিন সমূহ তৃতীয় পক্ষই প্ৰস্তুত কৰা আৰু ইয়াক ভালকৈ পৰীক্ষা নিৰীক্ষাৰ পিছতহে প্ৰদান কৰাৰ দিহা কৰা হৈছে আৰু বিশ্বৰ আন দেশেও ইয়াক উপযুক্ত বুলি গ্ৰহণ কৰিছে৷২৩ নবেম্বৰত দাখিল কৰা শপতনামাত চৰকাৰৰ হৈ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে যদিও চৰকাৰে সকলোবোৰ উপযুক্ত ব্যক্তিক ভেকচিন লোৱাৰ পোষকতা কৰিছিল,তাৰ বাবে কিন্তু ন্যায়িক ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হোৱা নাছিল৷গতিকে ভেকচিনৰ যিকোনো পাৰ্শ্বক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ জগৰীয়া নহয়।ভুক্তভোগী পৰিয়াল দুটাৰ আৱেদনৰ বিপৰীতে শপতনামাত চৰকাৰে ন্যায়ালয়ক আৱেদনখন অগ্ৰাহ্য কৰাৰ আহ্বান জনাই কয়,“ ভাৰত চৰকাৰে ১২ টা ভেকচিন ভাৰতত মুকলি কৰি দিছিল।কভিশ্বিল্ড তুলনামূলকভাৱে অধিক লোকক দিয়া হৈছিল। কভিশ্বিল্ডৰ সকলো পাৰ্শ্বক্ৰিয়া অথবা সাম্ভাৱ্য মৃত্যুৰ কথা ইয়াত ৱেবছাইট ,প্ৰেছ বিজ্ঞপ্তি আদিৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল৷ যিসকলে এনে ভেকচিন লৈছে তেওঁলোকে সেই সতৰ্কীকৰণ চাব লাগিছিল আৰু তাৰ পিছত ভেকচিন লোৱা -নোলোৱাৰ সম্পৰ্কত সিন্ধান্ত ল’ব লাগিছিল”- এনেদৰে শপতনামাত স্পষ্ট কৰি দিয়ে চৰকাৰে।কিন্তু তাৰ বিপৰীতে ভুক্তভোগী পৰিয়ালটোৰ গংগুৱে জনোৱা মতে তেওঁলোকক এনেধৰণৰ কোনো পাৰ্শ্বক্ৰিয়াৰ কথা ভেকচিন কেন্দ্ৰত জনোৱা হোৱা নাছিল।অভিযোগকাৰী কইম্বাটুৰৰ গবিন্দমৰ মতে শপতনামাত চৰকাৰে তেজ গোট মৰা কথাটো জনতাক জনোৱা হৈছিল বুলি উল্লেখ কৰিছে,কিন্তু জনতাক এই ভেকচিন প্ৰকৃতাৰ্থত নিৰাপদ আৰু সুৰক্ষিত বুলিহে জনোৱা হৈছিল৷ আৰু সেইবাবেই চৰকাৰৰ শপতনামাৰ বিৰোধিতা কৰি পুনৰ ন্যায়ালয়ৰ কাষ চাপিব ভুক্তভোগী পৰিয়াল দুটা।

Leave A Reply

Your email address will not be published.