প্ৰধানমন্ত্ৰী মোডীৰ পক্ষত নাই মাছমৰীয়া

গুজৰাটৰ নিৰ্বাচনত মাছমৰীয়া সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।অহা ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নিৰ্বাচন।কিন্তু নিৰ্বাচনক লৈ অলপো উৎসাহী নহয় মাছমৰীয়া সকল।ডাঙৰ ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি শুনি আমনি লাগিছে তেওঁলোকৰ।প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ পাহাৰ গঢ়ে ৰাজনীতিকে।কিন্তু বাস্তৱত তাৰ এটা প্ৰতিশ্ৰুতিও সফল ৰূপ লোৱা নাই।ডিজেলৰ মূল্য বৃদ্ধি,মাছ ধৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা,তদুপৰি সাগৰত মাছ ধৰাৰ সমযত পাকিস্তানী সেনাৰ হাতত বন্দী হৈ জ্বলাকলা খোৱা,সাগৰীয় ডকাইতে লুট কৰা আদি বিভিন্ন সমস্যাই জুৰুলা কৰিছে গুজৰাটী মাছমৰীয়াক।
মাছ ধৰাটো এতিয়া তেওঁলোকৰ বাবে লাভজনক ব্যৱসায় হৈ থকা নাই।মাছ ধৰিবলৈ ব্যৱহাৰ কৰা সৰু জাহাজবোৰ এতিয়া ব্যৱহাৰ নোহোৱাকৈয়ে পৰি আছে৷সেইবোৰ থবলৈ ঠাইৰ অভাৱ৷গতিকে ৰাস্তাই ঘাটে থোৱাৰ ফলত জহিখহি গৈছে এই জাহাজবোৰ।পোৰবন্দৰ উপকূলত প্ৰায় এক লাখতকৈও অধিক মাছমৰীয়া সম্প্ৰদায়ৰ লোক আছে।কংগ্ৰেছ দলৰ অৰ্জুন মদৱাডিয়াই এইবাৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছ শাসনলৈ আহিলে তেওঁ ৰেহাই মূল্যত ডিজেল পোৱাটো নিশ্চিত কৰিব৷বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে মাছমৰীয়াৰ সাগৰত নিৰাপত্তা নিশ্চিত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে পাকিস্তানৰ বন্দী সকলক মুক্ত কৰাৰ বাবে পদক্ষেপ ল’ব বুলি ঘোষণা কৰে৷এইবাৰৰ বিজেপি প্ৰাৰ্থী বাবুভাই বৰখীয়া ইয়াৰ আগতে ৪ বাৰৰ বিধায়ক আছিল উক্ত সমষ্টিৰ৷বিগত ২০ টা বছৰত বিজেপিৰ বিধায়ক জনে এটাও প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে এইবাৰো জনতাই বিশ্বাসত লোৱা নাই প্ৰাৰ্থীগৰাকীৰ প্ৰতিশ্ৰুতিক।মাছমৰীয়া সকলে সাধাৰণতে খাৰ্বা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে।“ প্ৰতি ৫ বছৰৰ মূৰত একেখন বীণাকে বজাই আহিছে ৰাজনীতিকে৷নিৰ্বাচন আহিলেই নেতা সকল আহে আৰু আমাক জোনবাইটোও আনি দিয়াৰ কথা কয়৷কিন্তু আমাৰ সমস্যাবোৰ একেই থাকে৷পাকিস্তানৰ এজেন্সিয়ে ধৰি নিয়া আমাৰ সহযোগী সকল এতিয়াও তাৰ কাৰাগাৰতে আছে”- এনেদৰে মন্তব্য কৰে ৰামজী কে চালই নামৰ মাছমৰীয়া জনে।
পোৰবন্দৰ ‘মছীমাৰ ব’ট এছ’চিয়েছন’ৰ সভাপতি মুকেশ পাঞ্জৰীয়ে কয় “ এইটো নহয় যে আমাৰ মাছমৰীয়া সকলে ইচ্ছা কৰি পাকিস্তানৰ নিয়ন্ত্ৰণাধীন এলেকাত প্ৰৱেশ কৰে।মাছৰ বাবে কেতিয়াবা সাগৰৰ বহুত গভীৰলৈ সোমাই যাবলগীয়া হয়৷ফলত তেওঁলোকে গম নোপোৱাকৈয়ে ইণ্টাৰনেশ্যনেল মেৰীটাইম বাউণ্ডাৰী লাইন পাৰ হৈ যায় আৰু পাকিস্তানী এজেন্সিয়ে তেওঁলোকক কৰায়ত্ত কৰে।”

“বৰ্তমান ১২০০ সৰু পালতৰা জাহাজ আছে৷২৭২ জন মাছমৰীয়া ইতিমধ্যে পাকিস্তানৰ কাৰাগাৰত আছে”-পাঞ্জাৰীয়ে কয় ৷ মুঠ ৩৭৮ জন মাছমৰীয়া বৰ্তমান পাকিস্তানৰ কাৰাগাৰত আছে আৰু তাৰে ২৭২ গৰাকী গুজৰাটৰ-এই তথ্য কেন্দ্ৰীয় মীন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰক মাৰ্চত দিয়া তথ্য।পাঞ্জাৰীয়ে কয় যদিও মাছমৰা পালতৰা নাৱত জিপিএছ লগোৱা থাকে,মাছমৰীয়াবোৰৰ সৰহসংখ্যকেই ইয়াৰ ব্যৱহাৰ নাজানে।পাঞ্জাৰীয়ে কয় যে তেওঁৰ নিজৰে ৬ খন মাছমৰীয়া সৰু পালতৰা জাহাজ আছে৷কিন্তু এতিয়া তেওঁ এই কেইখন পৰিচালনা কৰাত অসুবিধাৰ সন্মুখীন হৈছে।কিয়নো তেওঁ কয় “ এবাৰ মাছ মাৰিবলৈ গ’লে আমাৰ ব্যয় ৪ ৰ পৰা ৪.৫ লাখ ৷কাৰণ ডিজেলৰ খৰছ,জাহাজত যোৱা কেইজনৰ দৰমহা আদিও ইয়াত অন্তৰ্ভুক্ত কৰিবলগীয়া হয়।”মাছমৰীয়া সকলে সন্মুখীন হোৱা সমস্যাবোৰৰ ভিতৰত আন এটা সমস্যা হ’ল সীমা পাৰ হোৱাৰ পিছত পাকিস্তান মেৰীটাইম ছিকিউৰিটি এজেন্সিয়ে এই জাহাজবোৰ কব্জা কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকে।এই বিষয়টোক লৈ ঘাইকৈ শংকিত মাছমৰীয়া সকল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296