ভাৰতৰ দু:শ্চিন্তা : আইছিছত কেৰালাৰ ১৪ সদস্য

Share This Article

কাবুলত সংঘটিত ভয়াবহ বিস্ফোৰণৰ আঁৰত কেৰালাৰ ১৪ জন লোক জড়িত হৈ থকাৰ খবৰে এতিয়া দু:শ্চিন্তাত পেলাইছে ভাৰতৰ নিৰাপত্তা সংস্থাসমূহক ৷সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ,তালিবানে আফগ্নিস্তানৰ ক্ষমতা দখল কৰাৰ পাছত জেলৰ সকলো কয়েদীক মুক্ত কৰি দিছিল ৷ সেই সময়ত বাঘৰাম জেলৰ পৰা মুক্তি লাভ কৰা কয়েদীসকলৰ মাজত আছিল দক্ষিণৰ ৰাজ্য কেৰালাৰ ১৪ জন লোক ৷এই আটাইকেইজনেই  আইছিছ –কেৰ সদস্য ৷

অসমৰ্থিত সূত্ৰৰ খবৰ অনুযা্যী ২৬ আগষ্টত কাবুলৰ তুৰ্কমেনিস্তান দূতাবাসৰ সন্মুখত বোমা সংস্থাপন কৰিবলৈ গৈ ধৰা পৰিছিল দুজন পাকিস্তানী লোক ৷এই দুয়োজনেই আইছিছ – কেৰ সদস্য ৷তেওলোকৰ লগত কেৰালাৰ আইছিছ সদস্যকেইজনৰ যোগাযোগ আছিল ৷

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুযায়ী , কেৰালাৰ ১৪ জন আইছিছ সদস্যৰ ভিতৰত এজনে নজৰ ঘৰৰ লগত যোগাযোগো কৰিছিল ৷ তাৰ পাছতে কেৰালাৰ আইছিছ সংযোগ পোহৰলৈ আহে ৷ ৰাজ্যখনৰ মল্লপুৰম , কান্নুৰ জিলাৰ পৰা ১৪ জন লোকে আইছিছত যোগ দিয়াৰ তথ্য চোৰাংছোৱাই লাভ কৰিছে ৷ তাৰ লগে লগে ভাৰতৰ দু:শ্চিন্তাও বৃদ্ধি পাইছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.