অৱশেষত আহিল দুৰ্দান্ত ঘুৰ্ণী বতাহ গুলাবঃ নিহত ৫

Share This Article

ঘুৰ্ণী বতাহ গুলাবক লৈ ইতিমধ্যেই দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছিল হাই এলাৰ্ট। গুলাবৰ তাণ্ডৱত এতিয়া তচনচ হব পাৰে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকূলাম জিলাত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে উৰিষ্যাত ৩ জনকৈ মাছমৰীয়াৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। ঘুৰ্ণী বতাহৰ বাবেই বাতিল কৰা হৈছে বহু ৰেলৰ চলাচল। গুলাবৰ প্ৰভাৱৰ অন্ধ্ৰপ্ৰদেশৰ বহু জিলাত প্ৰৱল বৃষ্টিপাত হৈ আছে। উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি সকলো সহায়ৰ প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দুয়োজন ৰাজ্যত ইতিমধ্যেই নিয়োগ কৰিছে ৬টা ODRF আৰু NDRFৰ দল তথা দুৰ্যোগ ব্যৱস্থাপনা বাহিনী। গুলাবৰ প্ৰভাৱত হোৱা মূষলধাৰ বৰষুণৰ বাবে এতিয়া কোনো কোনো অঞ্চলত ভূমিস্খলন হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গজপতি জিলাৰ পৰা ইতিমধ্যেই ১৬০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.