হিন্দুৰ প্ৰতি বিদ্বেষ !

দেশৰ ৫০ লাখ লোকে ত্যাগ কৰিব হিন্দু ধৰ্ম।অসমৰো বহু লোকে ত্যাগ কৰিব হিন্দু ধৰ্ম।অসমসহ ৫ ৰাজ্যৰ ৫০ লাখ লোকৰ দাবী হিন্দু তেওঁলোকৰ ধৰ্ম নহয় ।হিন্দু নহয়, অইন ধৰ্মহে বিচাৰে দেশৰ ৫০ লাখ লোকে । দেশৰ ৫০ লক্ষ লোকে হিন্দু ধৰ্ম ত্যাগ কৰিব বিচাৰে। হিন্দু ধৰ্মক নিজ ধৰ্ম ৰূপে মানি ল’বলৈ অস্বীকাৰ এই সকল লোকৰ।সৰনা ধৰ্ম অৰ্থাৎ আদি ধৰ্মক পৃথক মৰ্যাদা দিয়াৰ দাবী জনাইছে এই সকল লোকে৷ সৰনা ধৰ্মক আদি ধৰ্ম বুলিও কোৱা হয়।সৰনা ধৰ্ম অৰ্থাৎ আদিবাসীসকলৰ মুণ্ডা, হো, চাওতাল, ভূমিজ, উৰাও, গোণ্ড, ভীল আদি জনজাতি লোকৰ ধৰ্ম সৰনা ধৰ্ম। সৰনা ধৰ্মৰ লোকসকলে আৰাধনা কৰে প্ৰকৃতিক।কিন্তু সৰনা ধৰ্মৰ কোনো আনুষ্ঠানিক স্বীকৃতি নথকাৰ ফলত ক্ষুব্ধ হৈ পৰিছে দেশৰ ৫০ লক্ষ আদিবাসী লোক। পাটনাৰ গান্ধী ময়দানত শুকুৰবাৰ অৰ্থাৎ ২৫ নৱেম্বৰৰ দিনটোত দেশৰ ৫ ৰাজ্যৰ ১০ হাজাৰ লোক সমবেত হয়। এই সমাবেশত ভাৰত চৰকাৰে সৰনা ধৰ্ম কোড অতি শীঘ্ৰেই প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰা হয়। অৰ্থাৎ আগন্তুক লোকপিয়লৰ সময়ত অন্যান্য ধৰ্মৰ কোডৰ সমান্তৰালকৈ সৰনা ধৰ্মৰ কোড প্ৰৱৰ্তন কৰাৰ আহ্বান আৰু ইয়াৰ দ্বাৰাই হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈনৰ দৰে সৰনা ধৰ্মক মান্যতা দিয়াৰ আহ্বান। ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত মুঠ ১১ কোটি আদিবাসী বাস কৰে। আৰু এই ১১ কোটি আদীবাসীৰ ৫০ লাখ লোকে নিজ ধৰ্ম সৰনা বুলিহে অতীজৰে পৰা মানি আহিছে। কেৱল এয়াই নহয় বিগত ১১ বছৰত বৃদ্ধি পাইছে সৰনা ধৰ্মৰ প্ৰসাৰ। বৃদ্ধি পাইছে উপাসক। অসমকে ধৰি দেশৰ ৫ ৰাজ্যৰ ৫০ লক্ষ আদিবাসীয়ে হিন্দু তেওঁলোকৰ ধৰ্ম বুলি মানি ল’ব নোখোজে। সাংবিধানিক ভাৱে সৰনা ধৰ্মক দেশৰ স্বীকৃতি প্ৰাপ্ত ধৰ্মৰ তালিকাত সন্নিবিষ্ট কৰাৰ আহ্বান আদিবাসী লোকসকলৰ। ৩০ নৱেম্বৰত দেশৰ ৫ ৰাজ্য যেনে অসম, ঝাৰখণ্ড, পশ্চিমবঙ্গ, বিহাৰ, উৰিষ্যা বন্ধৰ ঘোষণা কৰা হৈছিল যদিও প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনামৰ্মে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হয়। যদিহে ধৰ্মীয় কেটেগৰীৰ তালিকাত সৰনা ধৰ্মক মান্যতা দিয়া হয় তেনেহ’লে সংবিধানৰ ২৫ নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰ ৰূপে মান্যতা লাভ কৰিব ৫০ লাখ লোকৰ দাৱীয়ে। মহাভাৰতত উল্লেখ থকা সৰনা ধৰ্মৰ আছে ৫ হাজাৰ বছৰীয়া ইতিহাস। সৰনা ধৰ্মাৱলম্বী লোকসকলে নকৰে মূৰ্তি পূজা। তাৰ পৰিৱৰ্তে ধৰ্ম অৰ্থাৎ পিতা, সৰনা অৰ্থাৎ মা, প্ৰকৃতি অৰ্থাৎ জল, অৰণ্য, স্থলৰহে আৰাধনা কৰে। ৫খন ৰাজ্যৰ ভিতৰত ঝাৰখণ্ডতেই আছে ৪২ লাখ লোক। ২০২০ত ঝাৰখণ্ড বিধান সভাই সৰনাএক প্ৰস্তাৱ গ্ৰহণ কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে অনুমোদন নজনালে এই প্ৰস্তাৱক। ১৮৭১ চনৰ পৰা ১৯৫১ চনলৈ আদিবাসী ধৰ্মৰ আছিল সুকীয়া ক’ড, কিন্তু ১৯৬১-১৯৬২ চনৰ ভিতৰত আঁতৰাই দিয়া হয় আদিবাসী সকলৰ সৰনা ধৰ্মৰ ক’ড। এতিয়া আৰম্ভ হৈছে প্ৰতিবাদ, আৰম্ভ হৈছে প্ৰতিৰোধ। হিন্দু ধৰ্মত বিলীন হ’বলৈ নিবিচাৰে ৫০ লক্ষ আদিবাসী লোক। প্ৰকৃতি পূজাৰে প্ৰকৃতিৰ সৈতে বিলীন হ’বলৈ বিচাৰে আদিবাসী লোকসকল। অসমতো পৰিব পাৰে ধৰ্মান্তৰিত হোৱাৰ এই প্ৰক্ৰিয়াৰ প্ৰভাৱ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296