CAA সম্পৰ্কত স্থিতি দৃঢ় কেন্দ্ৰৰ

“CAA বলবৎ হ’বই ।CAA হ’ল বাস্তৱ। দেশৰ আইন হ’ল CAA
CAA বলবতৰ সিন্ধান্ত সলনি নহয় ।কা -বলবৎ নহ’ব বুলি ভৱা সকল বাস্তৱলৈ ঘূৰি আহক ” -কা সম্পৰ্কত এনেদৰে কেন্দ্ৰৰ স্থিতি স্পষ্ট কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। “CAA বা NRC শীতল ভঁৰালত ভৰাই থোৱা বুলি ভাবিব নালাগে।এতিয়া আৰু ইয়াক পৰিবৰ্তন কৰিব পৰা নাযাব।ক’ভিডৰ বাবেহে ইয়াক ৰখাই দিয়া হৈছিল৷ক’ভিড এতিয়া শেষ হ’ল৷যিসকলে কা বলবৎ নহ’ব বুলি ভাবি আছে,তেওঁলোকে ভুল কৰিছে।কা হ’ল বাস্তৱ আৰু কা এতিয়া দেশৰ আইন”-‘টাইমছ নাও’ত দিয়া এক সাক্ষাৎকাৰত গৃহমন্ত্ৰী অমিত শ্বাহে এনেদৰে কয়।”ইউনিফৰ্ম চিভিল ক’ড আমাৰ ৰাজনৈতিক যাত্ৰাৰ এক লক্ষ্য।কেৱল বিজেপি দলেই যে এই সিন্ধান্ত লৈছে এনে নহয়,সমগ্ৰ দেশৰ ৰাজ্য সমূহক উপযুক্ত সময়ত ইউনিফৰ্ম চিভিল ক’ড প্ৰযোজ্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।ভাৰতৰ দৰে নিৰপেক্ষ দেশত ,ধৰ্মৰ ভিত্তিত পৃথক আইন নাথাকে।প্ৰতিটো ধৰ্মাৱলম্বী লোকে অনুসৰণ কৰিব পৰাকৈ এখন আইন থকা উচিত আৰু সেইখন দেশৰ সংসদত গৃহীত হোৱা উচিত”- ইউনিফৰ্ম চিভিল ক’ড সম্পৰ্কত এনেদৰে মন্তব্য দিয়ে গৃহমন্ত্ৰী গৰাকীয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296