২০ বছৰত প্ৰথম : গ্ৰেপ্তাৰ কেন্দ্ৰীয় মন্ত্ৰী  

Share This Article

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰিয়াম বুলি কৈ গ্ৰেপ্তাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানে ৷ মোদী মন্ত্ৰীসভাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰীগৰাকীক মঙলবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বিগত ২০ বছৰত কেন্দ্ৰীয় মন্ত্ৰী গ্ৰেপ্তাৰ হোৱা এয়াই প্ৰথমটো ঘটনা ৷

গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবৰ বাবে মন্ত্ৰীগৰাকী বোম্বে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৷ ন্যায়ালয়ত তেওৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ খাৰিজ কৰিবৰ বাবে আবেদন জনোৱা হৈছিল ৷ কিন্তু এই আবেদনৰ জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰে ৷

বিজেপিৰ জনসমৰ্থন যাত্ৰাৰ সময়ত ৰায়গড়ত নাৰায়ণ ৰানে কৈছিল –‘মুখ্যমন্ত্ৰীয়ে দেশ কেতিয়া স্বাধীন হৈছিল  সেয়াও নাজানে ৷ভাষণ দি থকা সময়ত আনক সুধিব লগীয়া হৈছে ৷ এয়া অতি লজ্জাজনক কথা ৷মই যদি তাত থাকিলোহেঁতেন তেনেহ’লে জোৰকৈ চৰ মাৰিলোহেঁতেন ৷’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে শিৱসেনাৰ সমৰ্থকসকল উত্তেজিত হৈ পৰে ৷ মঙলবাৰে বিজেপি কাৰ্যালয়ৰ সন্মুখত শিৱসেনাই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়ত দুয়োটা দলৰ সমৰ্থকৰ মাজত হতাহতিও লাগে ৷ ইপিনে , মহাৰাষ্ট্ৰৰ বিভিন্ন থানাত নাৰায়ণ ৰানেৰ বিৰুদ্ধে চাৰটাকৈ গোচৰ ৰুজু কৰা হয় ৷ তাৰ পাছত নাছিক আৰক্ষীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে ৷

১৯৯০ চনত শিৱসেনাৰ বিধায়ক হিচাপে নাৰায়ণ ৰানে ৰাজনীতিৰ পথাৰত খোজ দিছিল ৷ ১৯৯৯ চনত কিছুদিনৰ বাবে তেও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল ৷ ২০০৫ চনত ঠাকৰে পৰিয়ালৰ লগত হোৱা মতানৈক্যৰ বাবে শিৱসেনা এৰি কংগ্ৰেছত যোগ দিয়ে ৷ ২০১৭ চনত পুণৰ কংগ্ৰেছ ত্যাগ কৰি নিজৰ দল গঠন কৰে ৷ পৰৱৰ্তী সময়ত দলটো বিজেপিৰ লগত চামিল হয় ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.