‘মৃত্যু নিশ্চিত’ বুলি জানিছিল শ্ৰদ্ধাই

‘মোক টুকুৰাটুকুৰ কৰি কাটিব আফতাবে’-শ্ৰদ্ধাৰ অভিযোগ এয়া। আফতাবে কাটিব বুলি জানিছিল শ্ৰদ্ধা ৱাকাৰে।“ আজি সি মোক উশাহ বন্ধ কৰাই হেঁচা মাৰি মাৰিব খুজিছিল।সি মোক ভাবুকি দিয়ে,ভয় খুৱাই টুকুৰাটুকুৰ কৰি দলিয়াই দিব বুলি কয়।সি মোক বিগত ৬ মাহ ধৰি মাৰপিট কৰি আছে”- এই অভিযোগ শ্ৰদ্ধা ৱাকাৰৰ।এই অভিযোগটো শ্ৰদ্ধাই দুবছৰ আগতেই কৰিছিল।আজিৰ পৰা দুটা বছৰ আগতে অৰ্থাৎ ২০২০ চনৰ ২৩ নবেম্বৰত মহাৰাষ্ট্ৰৰ তুলীঞ্জ আৰক্ষী থানাত আফতাব আমিন পুনৱালাৰ বিৰুদ্ধে এনেদৰে গোচৰ তৰিছিল শ্ৰদ্ধা ৱাকাৰে।আজটকৰ সাংবাদিক দিব্যেশ সিঙৰ মতে শ্ৰদ্ধাই এই অভিযোগটোত তাইৰ জীৱনলৈ আফতাবে সৃষ্টি কৰি অহা ভাবুকিৰ বিষয়টো উল্লেখ কৰিছিল।শ্ৰদ্ধাই অভিযোগটোত লিখিছিল” আফতাব আমিন পুনৱালাই মোক গালি পাৰে আৰু পিটে। মোক টুকুৰাটুকুৰকৈ কটাৰ কথা কৈছিল।প্ৰায় ৬ মাহে এনেকুৱা কৰিছিল।মোক তেওঁ মাৰিছিল যদিও কিন্তু মোৰ আৰক্ষীৰ ওচৰলৈ যোৱাৰ সাহস হোৱা নাছিল কাৰণ সি মোক মাৰিব বুলি ভয় খুৱাইছিল।তাৰ পিতৃ মাতৃয়ে সি মোক অত্যাচাৰ কৰাৰ কথা জানিছিল।সি জানে যে আমি একেলগে থাকোঁ আৰু সি সপ্তাহটোৰ শেষত আহে।মই তাৰ লগত থাকো কাৰণ আমি সোনকালে বিবাহপাশত আৱদ্ধ হ’ম।কিন্তু এতিয়া আৰু মোৰ তাৰ লগত থকাৰ ইচ্ছা নাই।”শ্ৰদ্ধাই আৰু লিখিছিল তেওঁৰ যদি কিবা হয় তাৰবাবে আফতাব দায়ী হ’ব।শ্ৰদ্ধাৰ অভিযোগ অনুসৰি আফতাবে তাইক আন ক’ৰবাত দেখিলে তাই কঠিন বাস্তৱৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি দিছিল।২০২২চনৰ মে’ মাহতেই আফতাবে শ্ৰদ্ধাক হত্যা কৰিছিল।আফতাবে ১৮ মে’ত শ্ৰদ্ধাক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।প্ৰায় ২০ দিন সি ঘন জংঘলত কটা অংশবোৰ পেলাবলৈ গৈছিল।আফতাবে এটা নতুন ফ্ৰীজ ক্ৰয় কৰি তাত তাইক কাটি টুকুৰা কৰা ৩৫ টা অংশ ৰাখিছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296