Investigative reporting with dedication.
‘মুখ্য নিৰ্বাচন আয়ুক্ত শেষানৰ দৰে হোৱা উচিত’

দেশত বহুত মুখ্য নিৰ্বাচন আয়ুক্ত হ’ল কিন্তু টি এন শেষানৰ দৰে লোক এগৰাকীয়েই হ’ল ।“মুখ্য নিৰ্বাচন আয়ুক্তৰ বাবে সৰ্বশ্ৰেষ্ঠ ব্যক্তি বিচাৰিব লাগে।মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকো অন্তৰ্ভুক্ত কৰিব লাগে৷তেতিয়াহে নিযুক্তি প্ৰক্ৰিয়াত নিৰপেক্ষতা আহিব”- উচ্চতম ন্যায়ালয়ে এটা ৰায়ত কৰিছে এই গুৰুত্বপূৰ্ণ মন্তব্য ।মঙলবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ সংস্কাৰৰ বাবে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কৰে এই গুৰুত্বপূৰ্ণ মন্তব্য। ন্যায়াধীশ কে এম যোচেফ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠখনত আছে ন্যায়াধীশ অজয় ৰস্তোগী,ন্যায়াধীশ অনিৰুদ্ধ বোস,ন্যায়াধীশ হৃষিকেশ ৰায় আৰু ন্যায়াধীশ চি টি ৰবিকুমাৰ।





