মহ আৰু ডেংগু নিয়ন্ত্ৰণৰ বাবে পশ্চিম বংগ চৰকাৰে ব্যৱহাৰ কৰিছে গাপ্পি মাছঃ অসমে পাৰিবনে?

Share This Article

কিছু দিনৰ পূৰ্বে কলিকতাৰ শিলিগুৰি চহৰৰ নিষ্কাশন নলাৰ মহ নাইকিয়া কৰিবলৈ এৰি দিয়া হৈছিল গাপ্পি মাছ। প্ৰদূষণৰ বাবে এই গাপ্পি মাছ জীয়াই নাথাকিল। সেয়েহে এইবাৰ ১৮ নং ৱাৰ্ডৰ প্ৰাক্তন কাউন্সিলাৰ আৰু শিলিগুৰি জলপাইগুৰি উন্নয়ন প্ৰাধিকৰণ ব’ৰ্ডৰ সদস্য নিখিল চাহনীয়ে কয় যে কৰোনাৰ প্ৰাদুৰ্ভাৱৰ মাজতে ডেংগুৰ প্ৰতি লক্ষ্য ৰাখি মাছটো মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। নিখিল বাবুয়ে লগতে কয় যে গাপ্পি মাছ লেতেৰা আৰু দূষিত পানীত দীৰ্ঘদিন ধৰি জীয়াই থাকে গতিকে গাপ্পি মাছ নলাত এৰি দিয়া হৈছে। আজি মহৰ লাৰ্ভা ক্ষতিগ্ৰস্ত কৰিবলৈ ১৮ নং ৱাৰ্ডৰ বিভিন্ন নলাত ৫ কিলোগ্ৰাম মাছ এৰি দিয়া হৈছিল। ইফালে গাপ্পি মাছেৰে মহ তথা ডেংগু আৰু মেলেৰিয়াৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰাৰ চিন্তা চৰ্চা কৰিছে পশ্চিম বংগ প্ৰশাসনে। আনকি এতিয়া গাপ্পি মাছ ব্যৱহাৰ কৰি অন্য ৰাজ্যতো মহ নিয়ন্ত্ৰণৰ বাবে আগ্ৰহী হৈ পৰিছে দেশৰ জনতা। তদুপৰি অসমতো এই গাপ্পি মাছৰ সহায়ত পৰীক্ষামূলকভাৱে মহ নিয়ন্ত্ৰণৰ চেষ্টা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৰাজ্যৰ সচেতন মহলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.