তালিবানক লৈ বাংলাদেশত উৎসাহিত জেহাদী , ভাৰতলৈ কিহৰ ভাবুকি ?

Share This Article

তালিবানৰ উত্থানে বিভিন্ন দিশৰ পৰা ভাৰতলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ কিয়নো আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে বাংলাদেশৰ মৌলবাদী , জেহাদী শক্তিসমুহো উৎসাহিত হৈ উঠিছে ৷ বাংলাদেশৰ আৰক্ষীয়ে নিজে এই কথা ব্যক্ত কৰিছে ৷

ঢাকা মেট্ৰ’পলিটান পুলিচৰ কমিছনাৰ মহম্মদ ছফিকুল ইছলামে জানিবলৈ দিয়া মতে বিগত কিছুদিনৰ ভিতৰত বাংলাদেশৰ কিছুসংখ্যক যুৱকে বে- আইনীভাৱে ভাৰতত  প্ৰৱেশ কৰিছে আৰু তাৰ পৰা আফগানিস্তান অভিমুখে ৰাওণা হৈছে ৷

আৰক্ষী বিষয়াগৰাকীয়ে কয়-‘ তেওলোকে তালিবানত যোগ দিব বিচাৰে ৷ ইতিমধ্যে এনে অনুপ্ৰৱেশকাৰী যুৱক ভাৰতত গ্ৰেপ্তাৰ হৈছে বুলি খবৰ পোৱা গৈছে ৷ আফগানিস্তানলৈ যাব খুজি ব্যৰ্থ হোৱা যিসকল লোক পুণৰ দেশলৈ উভতি আহে তেওলোকক গ্ৰেপ্তাৰ কৰা হ’ব ৷’

বিষয়াগৰাকীয়ে লগতে কয়-‘প্ৰচাৰ কৰা হৈছে যে তালিবান বিশ্বৰ আটাইতকৈ শক্তিশালী বাহিনী ৷ ২০ বছৰ যুদ্ধ কৰি আমেৰিকাক পৰাজিত কৰিছে ৷ আফগানিস্তানক স্বাধীন কৰিছে তালিবানে ৷ এনে প্ৰচাৰত উৎফুল্লিত হৈ বাংলাদেশৰ বহু যুৱকে তালিবানৰ ভৰ্ত্তি হোৱাটোকে জেহাদৰ পথ বুলি বিশ্বাস কৰিবলৈ লৈছে ৷’

এয়া কেৱল বাংলাদেশৰ বাবে বিপজ্জনক নহয় বুলি মন্তব্য কৰি বাংলাদেশৰ বিষয়াগৰাকীয়ে পুণৰ কয়-‘এই ঢৌৱে আন বহু দেশকো চুই যাব ৷ সকলোৱে মিলি ইয়াক প্ৰতিৰোধ কৰিব লাগিব ৷’

নব্বৈৰ দশকত তালিবান আফগানিস্তানত শাসনলৈ অহা সময়ত বাংলাদেশত আনছাৰ – আল – ইছলামৰ দৰে জেহাদীয়ে জামাতুল মুজাহিদীনৰ দৰে সংগঠন গঢ়ি তুলিছিল ৷ বি এন পি চৰকাৰে এনে সন্ত্ৰাসবাদী সংগঠনৰ পৃষ্ঠপোষকতা কৰিছিল ৷ কিন্তু শ্বেখ হাছিনা চৰকাৰে এনে সংগঠনৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰে ৷

কিন্তু এতিয়া বাংলাদেশৰ আৰক্ষী বিষয়াগৰাকীৰ আশংকা-‘তালিবান শাসনলৈ অহাৰ পাছত জংগী বাহিনী যিদৰে উৎসাহিত হৈছে , আই এছ আয়ে তেওলোকক সংগঠিত কৰিবলৈ চেষ্টা কৰিব ৷কেৱল বাংলাদেশেই নহয় , ভাৰতো আই এছ আইৰ টাৰ্গেট হ’ব পাৰে ৷’

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.