সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানক লৈ বাংলাদেশত উৎসাহিত জেহাদী , ভাৰতলৈ কিহৰ ভাবুকি ?

তালিবানৰ উত্থানে বিভিন্ন দিশৰ পৰা ভাৰতলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ কিয়নো আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে বাংলাদেশৰ মৌলবাদী , জেহাদী শক্তিসমুহো উৎসাহিত হৈ উঠিছে ৷ বাংলাদেশৰ আৰক্ষীয়ে নিজে এই কথা ব্যক্ত কৰিছে ৷

ঢাকা মেট্ৰ’পলিটান পুলিচৰ কমিছনাৰ মহম্মদ ছফিকুল ইছলামে জানিবলৈ দিয়া মতে বিগত কিছুদিনৰ ভিতৰত বাংলাদেশৰ কিছুসংখ্যক যুৱকে বে- আইনীভাৱে ভাৰতত  প্ৰৱেশ কৰিছে আৰু তাৰ পৰা আফগানিস্তান অভিমুখে ৰাওণা হৈছে ৷

- Donation -

আৰক্ষী বিষয়াগৰাকীয়ে কয়-‘ তেওলোকে তালিবানত যোগ দিব বিচাৰে ৷ ইতিমধ্যে এনে অনুপ্ৰৱেশকাৰী যুৱক ভাৰতত গ্ৰেপ্তাৰ হৈছে বুলি খবৰ পোৱা গৈছে ৷ আফগানিস্তানলৈ যাব খুজি ব্যৰ্থ হোৱা যিসকল লোক পুণৰ দেশলৈ উভতি আহে তেওলোকক গ্ৰেপ্তাৰ কৰা হ’ব ৷’

বিষয়াগৰাকীয়ে লগতে কয়-‘প্ৰচাৰ কৰা হৈছে যে তালিবান বিশ্বৰ আটাইতকৈ শক্তিশালী বাহিনী ৷ ২০ বছৰ যুদ্ধ কৰি আমেৰিকাক পৰাজিত কৰিছে ৷ আফগানিস্তানক স্বাধীন কৰিছে তালিবানে ৷ এনে প্ৰচাৰত উৎফুল্লিত হৈ বাংলাদেশৰ বহু যুৱকে তালিবানৰ ভৰ্ত্তি হোৱাটোকে জেহাদৰ পথ বুলি বিশ্বাস কৰিবলৈ লৈছে ৷’

এয়া কেৱল বাংলাদেশৰ বাবে বিপজ্জনক নহয় বুলি মন্তব্য কৰি বাংলাদেশৰ বিষয়াগৰাকীয়ে পুণৰ কয়-‘এই ঢৌৱে আন বহু দেশকো চুই যাব ৷ সকলোৱে মিলি ইয়াক প্ৰতিৰোধ কৰিব লাগিব ৷’

নব্বৈৰ দশকত তালিবান আফগানিস্তানত শাসনলৈ অহা সময়ত বাংলাদেশত আনছাৰ – আল – ইছলামৰ দৰে জেহাদীয়ে জামাতুল মুজাহিদীনৰ দৰে সংগঠন গঢ়ি তুলিছিল ৷ বি এন পি চৰকাৰে এনে সন্ত্ৰাসবাদী সংগঠনৰ পৃষ্ঠপোষকতা কৰিছিল ৷ কিন্তু শ্বেখ হাছিনা চৰকাৰে এনে সংগঠনৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰে ৷

কিন্তু এতিয়া বাংলাদেশৰ আৰক্ষী বিষয়াগৰাকীৰ আশংকা-‘তালিবান শাসনলৈ অহাৰ পাছত জংগী বাহিনী যিদৰে উৎসাহিত হৈছে , আই এছ আয়ে তেওলোকক সংগঠিত কৰিবলৈ চেষ্টা কৰিব ৷কেৱল বাংলাদেশেই নহয় , ভাৰতো আই এছ আইৰ টাৰ্গেট হ’ব পাৰে ৷’

 

Leave A Reply

Your email address will not be published.