Investigative reporting with dedication.

গায়ক সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ মূল মাষ্টৰমাইণ্ডক আটক।গেংষ্টাৰটোক কেলিফৰ্ণিয়াত আটক কৰা হৈছে ৷পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই তথ্য নিশ্চিত কৰিছে। গুজৰাটত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী মানে কয় “ আজি পুৱা মই এক নিশ্চিত তথ্য লাভ কৰিছোঁ যে কানাডাত এজন ডাঙৰ গেংষ্টাৰক আটক কৰা হৈছে।সেই গেংষ্টাৰটো হ’ল গল্ডী ব্ৰাৰ।”উল্লেখ্য যে অলপতে সিদ্ধু মুছেৱালাৰ পিতৃয়ে দাবী কৰিছিল যে গল্ডী ব্ৰাৰ তথ্য দিওঁতালৈ ২ কোটি টকা পুৰস্কাৰ ঘোষণা কৰিছিল চৰকাৰে।আনকি মুছেৱালাৰ পিতৃ বালাকুৰ সিঙে কৈছিল যে যদি চৰকাৰে সেই ধন নিদিয়ে তেওঁ নিজৰ পকেটৰ পৰা প্ৰয়োজন হ’লে সেই ধন দিব।২৮ বছৰীয়া শুভদেৱ সিং সিদ্ধু নামৰ জনপ্ৰিয় গায়ক গৰাকী সিদ্ধু মুছেৱালা নামেৰেহে জনপ্ৰিয় আছিল।চলিত বৰ্ষৰ ২৯ মে’ত তেওঁক তেওঁৰ SUV বাহনতেই অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ।হত্যাকাণ্ডৰ আগদিনা অৰ্থাৎ ২৮ মে’ত তেওঁৰ নিৰাপত্তা আঁতৰাই দিয়া হৈছিল।হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে গল্ডী ব্ৰাৰে ফে’চবুক পষ্টৰ জৰিয়তে মুচেৱালাক হত্যা কৰাটো নিশ্চিত কৰি আকালি দলৰ নেতা বিকি মিদুখেৰাক হত্যাৰ বাবে এনেদৰে প্ৰতিশোধ লোৱা বুলি উল্লেখ কৰিছিল।



