পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসাক লৈ কি ডাঙৰ নিৰ্দেশ দিলে ন্যায়ালয়ে ?

পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদনক লৈ আৰম্ভ হৈছিল ৰাজনৈতিক যুদ্ধ ৷ তৃণমূলে উত্থাপণ কৰিছিল পক্ষপাতিত্বৰ অভিযোগ ৷ কিন্তু বুধবাৰে আয়োগৰ প্ৰতিবেদন মানিয়েই হিংসাত্মক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিলে কলকাতা উচ্চতম ন্যায়ালয়ে ৷ আদালতৰ পৰ্যবেক্ষণ – আয়োগৰ প্ৰতিবেদনত নিৰপেক্ষতাৰ উলংঘণ হোৱা নাই ৷তেওলোকে মাত্ৰ অভিযোগসমূহ নথিভুক্ত কৰিছে ৷

মানৱ অধিকাৰ আয়োগে দিয়া প্ৰতিবেদনত হত্যা , ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উল্লেখ কৰা হৈছিল ৷আয়োগে লগতে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠনৰো পোষকতা কৰিছিল ৷এই চুপাৰিশক মান্যতা দি আদালতে তিনিগৰাকী আই পি এছ বিষয়াক লৈ এক বিশেষ তদন্তকাৰী গোট গঠন কৰিছে ৷ অৱসাৰপ্ৰাপ্ত ন্যায়াধীশৰ নিৰীক্ষণত এইতদন্ত হ’ব ৷ ছয় সপ্তাহৰ ভতৰত চিবি আই আৰু এছ আই টিক তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296