হিন্দুত্ববাদক তালিবানৰ সৈতে  তুলনা কৰি বিপদত কিয় বলীউডৰ অভিনেত্ৰী ?

চোছিয়েল মিডিয়াত সংবেদনশীল মন্তব্যৰে খলকনি তোলা অভিনেত্ৰী স্বাৰা ভাস্কৰ সোমাই পৰিছে আন এক নতুন বিতৰ্কত। হিন্দুত্ববাদক তালিবানৰ সৈতে তুলনা কৰি এতিয়া বিপদত পৰিছে অভিনেত্ৰী গৰাকী। #ArrestSwaraBhasker হেছ টেগেৰে স্বাৰা ভাস্কৰৰ গ্ৰেপ্তাৰৰ দাবী তুলিছে একাংশ ছছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে।

আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত সামাজিক মাধ্যমত এটা পোষ্ট লিখিছিল অভিনেত্ৰী স্বাৰা ভাস্কৰে। এই বিশেষ পোষ্টটোত স্বাৰাই আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিক ভাৰতৰ সৈতে তুলনা কৰিছিল। এই পোষ্টটো ৰাজহুৱা কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে দেশৰ বহু সংবেদনশীল জনতা। কোনোৱে যদি স্বাৰাৰ সামাজিক মাধ্যমৰ একাউণ্ট সমূহ বন্ধ কৰাৰ দাবী জনাইছে, আন কোনোৱে আকৌ স্বাৰাক সামাজিকভাৱে বৰ্জন কৰাৰ আহ্বান জনাইছে।

সামাজিক মাধ্যমত কি লিখিছিল স্বাৰাই?

স্বাৰা ভাস্কৰে টুইটযোগে লিখিছিল : We can’t be okay with Hindutva terror & be all shocked & devastated at Taliban terror.. & We can’t be chill with #Taliban terror; and then be all indignant about #Hindutva terror!

Our humanitarian & ethical values should not be based on identity of the oppressor or oppressed.

তালিবান আৰু হিন্দুত্ববাদক তুলনা কৰি স্বাৰা ভাস্কৰে দিয়া এনে মন্তব্যৰ পিছতে উত্তাল হৈ পৰিছে নেট দুনীয়া। আমাৰ মানৱীয়তা আৰু নৈতিক মূল্যবোধ নিপীড়িতসকলৰ পৰিচয়ৰ ওপৰত আধাৰিত হ’ব নালাগে বুলি শেষত অভিনেত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিলেও স্বাৰাৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে দেশৰ বহু লোক ৷ বিভিন্ন জনে ডিজিটেল আক্ৰমণো কৰিছে স্বাৰাক।  স্বাৰাৰ পোষ্টটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এজনে লিখিছে – হিন্দুত্বক অপমান কৰাৰ বাবে স্বাৰাক গ্ৰেপ্তাৰ কৰক। হিন্দুসকলে কেতিয়াও কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰা নাই। আন এজন ব্যৱহাৰকাৰীয়ে কৈছে যে যদিহে ইমান অসুবিধা হয় তেন্তে স্বাৰা হিন্দু বা হিন্দুত্ব নথকা ঠাইলৈ গুচি যাব লাগে। পাকিস্তান, বাংলাদেশ, তুৰস্ক, কুৱেইট কিম্বা ইৰাকৰ শান্তিপ্ৰেমী লোকসকলৰ সৈতে জীৱন উপভোগ কৰিবলৈ স্বাৰাক আহ্বান জনাইছে ব্যক্তিজনে।

এনেদৰেই ডিজিটেল আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজেৰে পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী স্বাৰা ভাস্কৰ ।

 

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296