আফগানিস্তান : প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দায়িত্ব পাহৰিছে নেকি ?

Share This Article
  • অৰূপ কলিতা

ধৰ্মান্ধতাৰ বিৰুদ্ধে যুঁজিবলৈ ধৰ্মই অস্ত্ৰ নেকি ? গোড়ামিৰ বিৰুদ্ধে যুঁজত সংকীৰ্ণতাই ঢাল নেকি ?

এই প্ৰশ্নবোৰ উত্থাপণ হৈছে প্ৰধানমন্ত্ৰীৰ আবাসগৃহত মঙলবাৰে অনুষ্ঠিত এখন বৈঠকৰ পাছত ৷আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবাসত অনুষ্ঠিত হৈ যায় এখন দীঘলীয়া বৈঠক ৷ ‘আজটক’ত প্ৰকাশ পোৱা বাতৰি অনুসৰি , প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকত কৈছে যে ভাৰতলৈ আহিব বিচৰা সকলো সংখ্যালঘুক সহায় কৰা হ’ব ৷ ভাৰতে আফগানিস্তানত থকা ভাৰতীয়সকলকে কেৱল ৰক্ষা নকৰে , সেই দেশৰ যিসকল হিন্দু আৰু শিখ ভাৰতলৈ আহিব বিচাৰে , তেওলোককো আশ্ৰয় দিব ৷বৈঠকখনত গৃহমন্ত্ৰী অমিত শ্বাহ , প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু নিৰাপত্তা উপদেষ্টা অজিত দোভালো উপস্থিত আছিল ৷

প্ৰশ্ন হ’ল – আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি কেৱল সেই দেশৰ হিন্দু আৰু শিখৰ ওপৰত হোৱা আক্ৰমণ নেকি ? সমগ্ৰ বিশ্বই আফগানিস্তানৰ  পৰিস্থিতি অসহায়ভাৱে প্ৰত্যক্ষ কৰিছে ৷তালিবানৰ সাম্ভাব্য শাসনৰ কথা ভাবি শিয়ৰি উঠিছে ৷মানৱ অধিকাৰ, মহিলাৰ অধিকাৰ , শিশুৰ অধিকাৰ , কন্যা সন্তানৰ ভৱিষ্যত – সকলো এতিয়া দুৰ্ঘোৰ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ৷শ্বৰিয়ত আইনত বিশ্বাসী তালিবানে যে দেশখনক আৰু এটা যুগ পিছুৱাই নিব , সেই কথাত সকলো পতিয়ন গৈছে ৷ সেয়ে তালিবানৰ ধৰ্মান্ধতা , গোড়ামিৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ নাগৰিক সমাজ সোচ্চাৰ হৈ উঠিছে ৷ ন’বেল বিজয়ী মালালাৰ পৰা অসমৰ ছাত্ৰ – ছাত্ৰী , যুৱক – যুৱতীয়েও পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ কিন্তু বিশ্বগুৰু হোৱাৰ স্বপ্ন দেখুওৱা ভাৰত চৰকাৰে এতিয়ালৈকে ক’ব পৰা নাই – তালিবান চৰকাৰৰ বৈধতাক সমৰ্থন দিবনে নাই ?ভাৰতে এতিয়াও এছিয়াৰ আন দেশসমূহক একত্ৰিত কৰি তালিবানক সকীয়াব পৰা নাই যে মানৱ অধিকাৰ , মহিলা – শিশু – সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত হ’বই লাগিব ৷অন্যথা বিশ্বত এঘৰীয়া হ’ব ৷মানৱতাৰ , সভ্যতাৰ এই সংকটকালত এতিয়াও সৰ্বশক্তিমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আফগানিস্তান সন্দৰ্ভত নিজৰ সুদৃঢ় স্থিতি ঘোষণা কৰিব পৰা নাই ৷ তাৰ সলনি আকৌ এবাৰ খেলিবলৈ লৈছে ধৰ্মৰ কাৰ্ডখন ৷ বাংলাদেশ , পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘুক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিছিল ‘কা’ ৷ কি্ন্তু ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ দৰে সংবিধানবিৰোধী আইনৰ বিৰুদ্ধে দেশত সৃষ্টি হোৱা গণজাগৰণৰ বাবে এতিয়াও এই আইনৰ বিধি বলবৎ কৰিব পৰা নাই ৷ কিন্তু আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিয়ে নৰেন্দ্ৰ মোদীৰ হাতলৈ সুবৰ্ণ সুযোগ আনি দিছে ৷ সন্মুখত আছে উত্তৰ প্ৰদেশৰ ,পঞ্জাৱৰ নিৰ্বাচন ৷ সেয়ে অকনো পলম নকৰি তেও আফগানিস্তানৰ সংখ্যালঘু সকলৰ সুৰক্ষাক লৈ তৎপৰ হৈ উঠিছে ৷ কিন্তু আফগানিস্তানত কেৱল দুটা ধৰ্মৰ লোক বিপদাপন্ন হৈছেনে ? নে  সামগ্ৰিকভাৱে সংকটত পৰিছে মানৱ অধিকাৰ ?ভাৰতৰ দৃষ্টিত এই প্ৰশ্নৰো কোনো সঠিক উত্তৰ নাই ৷

ভাৰত বিশ্বৰ চকুত এতিয়াও এখন বৃহৎ ধৰ্মনিৰপেক্ষ অৰু গণতান্ত্ৰিক দেশ ৷ এই দেশখনৰ সকলোৱে আশা কৰে যে সভ্যতা , মানৱতাৰ সংকটৰ মুহূৰ্তত ভাৰত চৰকাৰে শক্তিশালী ভূমিকা ল’ব ৷ এখন দেশত বিপদাপন্ন হৈ পৰা মহিলা আৰু শিশুৰ অধিকাৰক সুৰক্ষিত কৰিবলৈ আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল ভূমিকা পালন কৰিব ৷ তালিবানক উচটোৱা পাকিস্তানক কঠোৰ সকীয়ণি দিব ৷ কিন্তু তেনে একো এতিয়ালৈকে কৰা নাই ভাৰত চৰকাৰে ৷ বৰং প্ৰকাশিত খবৰ অনুযায়ী কেৱল বিশেষ ধৰ্মালম্বী লোকক লৈহে চিন্তা ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ অথচ তালিবানৰ দৰে মৌলবাদী সংগঠনৰ বিৰোধিতা কৰি আফগানিস্তানৰ পৰা পলায়ন কৰিব বিচৰা হাজাৰ হাজাৰ লোকৰ হৃদয় বিদাৰক অসংখ্য ফটো দৈনিক প্ৰকাশ পাই আছে ৷এইসকল লোক কেৱল হিন্দু অথবা শিখ নেকি ? নিশ্চয় নহয় ৷ তেওলোকে আফগানিস্তানৰ পৰা কেৱল পলাব বিচৰা নাই ৷ তেওলোকে পলায়ন কৰিব বিচাৰিছে ধৰ্মান্ধতা আৰু মৌলবাদী শাসনৰ পৰা ৷ যদিহে তালিবানে কয় যে তেওলোকৰ দেশখন কেৱল মুছলমানৰ বাবে আৰু ভাৰতে কয় আমাৰ দেশখন কেৱল হিন্দুৰ বাবে , তেনেহ’লে তালিবান আৰু ভাৰতৰ শাসকৰ মাজত পাৰ্থক্য থাকিল ক’ত ?

ভাৰত মৌলবাদীৰ দেশ নহয় ৷ ভাৰতত নিৰ্বাচিত চৰকাৰ চলি আছে ৷ ভাৰত বিশ্বৰ বৃহৎ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দেশ ৷ এক বৈশ্বিক সংকটৰ মুহূৰ্তত ভাৰতে কেৱল ধৰ্মবিশেষৰ কথা চিন্তা কৰা উচিত নহয় ৷ ভাৰতৰ আছে আৰু গভীৰ দায়িত্ব ৷ স্বাৱলম্বী হ’ব বিচৰা প্ৰতিগৰাকী মহিলা , বিদ্যালয়লৈ যাব বিচৰা প্ৰতিটো শিশুৰ প্ৰতি ভাৰতৰ অপৰিসীম দায়িত্ব আছে ৷বোৰ্খাৰ তলত জীৱন কটাব নিবিচৰা , মূৰ তুলি সমাজত জীয়াই থাকিব বিচৰা প্ৰতিগৰাকী যুৱতীৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিলেহে বিশ্ববাসীৰ দৃষ্টিত ভাৰতে বিশ্বগুৰুৰ আসন পাব ৷ ধৰ্মীয় সংকীৰ্ণতাৰে , সৰু নিৰ্বাচনী লাভালাভৰ অংকেৰে ভাৰতে কেতিয়াও সেই সন্মান আদায় কৰিব নোৱাৰিব ৷ সেইবাবেই এই মুহূৰ্তত মৌলবাদীৰ হাতোৰাৰ পৰা মহিলা  আৰু শিশুসকলক সুৰক্ষিত কৰাটোহে ভাৰতৰ বৃহত্তম দায়িত্ব হোৱা উচিত ৷

কিন্তু এনে লাগে যেন – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই দায়িত্ব পাহৰি গৈছে ৷

(প্ৰকাশিত মন্তব্য লেখকৰ নিজা)

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.