কিয় গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং?

Share This Article

এটা সময়ত বিশ্বকাপৰ খেলত এটা অভাৰত ছয়টা ছিক্স কোবাই বলাৰক ধৰাশায়ী কৰা ভাৰতৰ দুৰ্দান্ত অলৰাউাণ্ডাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অনুসূচিত জাতিৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰাৰ অভিযোগত দাখিল কৰা এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক। উল্লেখ্য যে হাৰিয়ানাৰ হাঞ্চিত হিচাৰ আৰক্ষীয়ে ক্ৰিকেটাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ কৰে। হাঞ্চি সদৰ থানাত যুৱৰাজ সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। অভিযোগ মতে যুৱৰাজ সিঙে বিগত বৰ্ষত ৰোহিত শৰ্মাৰ সৈতে এক অনলাইন বাৰ্তালাপত ভাৰতীয় স্পিনাৰ য়ুবেন্দ্ৰ চাহলক লৈ অনুসূচিত জাতিৰ প্ৰতি অপমান সূচক মন্তব্য কৰিছিল। হিচাৰ আৰক্ষীয়ে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই সম্পৰ্কে সোধা-পোছা কৰে। ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত যুৱৰাজ সিঙক জামিনত মুকলি কৰি দিয়া হয়। এই ঘটনা সম্পৰ্কে কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয়ে যুৱৰাজ সিঙক অগ্ৰিম জামিন প্ৰদান কৰিছিল। শনিবাৰেই যুৱৰাজ সিঙক আৰক্ষীয়ে নিয়মমাফিক গ্ৰেপ্তাৰ কৰিছিল আৰু তিনি ঘণ্টা পাছতে মুকলি কৰি দিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.