মেন্টৰ হিচাপে ভাৰতীয় দলত যোগ দিলে কেপ্তেইন কুল এম এছ ধোনীয়ে

Share This Article

আৰম্ভ হ’ল বহু প্ৰতীক্ষিত টি-২০ বিশ্বকাপ। অহা ২৪ অক্টোবৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেটচত অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া। কিন্তু তাৰ পূৰ্বে এটা ইতিবাচক খবৰে এতিয়া সুখী কৰিছে ভাৰতীয় জনসাধাৰণক। কিয়নো মেন্টৰ অৰ্থাৎ পৰামৰ্শদাতা হিচাপে ভাৰতীয় শিবিৰত যোগ দিলে কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীয়ে। মহেন্দ্ৰ সিং ধোনীৰ আগমনে ভাৰতীয় দলটোক নতুন উদ্যম আৰু শক্তি প্ৰদান কৰিব বুলি আশাবাদী ভাৰতীয় ক্ৰিকেট বৰ্ড। অভিজ্ঞতাৰে পৰিপুষ্ট ধোনীৰ উপস্থিতিয়ে ভাৰতীয় নৱাগত খেলুৱৈ সকলক যথেষ্ট লাভান্বিত কৰিব মত প্ৰকাশ কৰিছে ক্ৰীড়াপ্ৰেমী সকলে। ইতিমধ্যেই নিজৰ কৰ্তব্য আৰু দায়িত্ব সুচাৰুৰূপে পালনত ৱৰ্তী হৈ পৰিছে ধোনী। খেলুৱৈ সকলৰ লগত ধোনীয়ে বাৰ্তালাপ কৰি থকা ফটোও টুইটাৰ যোগে ৰাজহুৱা কৰিছে BCCIয়ে। ধোনীৰ আগমনক লৈ এতিয়া উৎসাহী দেশৰ জনতা। উল্লেখ্য যে মেন্টৰ হিচাপে সেৱা কৰাৰ বিনিময়ত কোনো বেতন নলয় বুলি প্ৰকাশ কৰিছে খোদ এম এছ ধোনীয়ে। ইফালে কোহলীৰ নেতৃত্বত এইবাৰ ভাৰতে প্ৰথমটো গুৰুত্বপূৰ্ণ ট্ৰফী আঁজুৰি আনিব বুলি এতিয়াও আশাৰে বাট চাই আছে সমগ্ৰ দেশৰ ক্ৰীড়াপ্ৰেমী। BCCIৰ অফিচিয়েল টুইটাৰত লিখা হৈছে – Extending a very warm welcome to the KING. MS Dhoni is back with team India and in a new role!

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.