১৯৭৯ চনৰ আজিৰ দিনটোতেই নোবেল বঁটাৰে সন্মানিত হৈছিল মাডাৰ টেৰেছাঃ কিন্তু কিহৰ বাবে?

Share This Article

ভাৰতবৰ্ষত মাডাৰ টেৰেছাৰ নাম আৰু কামৰ কথা নুশুনা মানুহ হয়তো খুব কমেই ওলাব। দেশৰ নিষ্পেষিত, শোষিত আৰু বঞ্চিত ভোকাতুৰ দৰিদ্ৰ জনতাৰ বাবে টেৰেছা আছিল ঈশ্বৰৰ ৰূপ। মাডাৰ টেৰেছাৰ প্ৰকৃত নাম হৈছে এঞ্জেজ গনক্সে বোজাক্সিউ। The Norwegian Nobel Committee-এ মাদাৰ টেৰেছাক ১৯৭৯ চনৰ ১৭ অক্টোবৰত নোবেল বঁটাৰে সন্মানিত কৰিছিল। তাৰ ত্ৰিশ বছৰ আগতে মাদাৰ টেৰেছাই কলিকতা চহৰৰ বস্তিৰ দৰিদ্ৰৰ পৰা দৰিদ্ৰতম লোকৰ মাজত কাম কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰাৰ বাবে এখন ৰোমান কেথলিক ছোৱালী বিদ্যালয়ৰ শিক্ষকৰ পদ ত্যাগ কৰিছিল। মাদাৰ টেৰেছাৰ জন্ম হৈছিল ১৯১০ চনৰ ২৬ আগষ্টত অটোমান সাম্ৰাজ্য (বৰ্তমান মেচিডোনিয়া গণৰাজ্য)ৰ উস্কুপ (বৰ্তমান স্কোপজে)ত। অৱশ্যে নোবেল বঁটা লাভ কৰাৰ সময়ত টেৰেছাৰ বাসস্থান আছিল ভাৰত।
১৯৭৯ চনত টেৰেছাই দুখীয়াৰ দৰিদ্ৰতা আৰু হতাশা দূৰ কৰাৰ সংগ্ৰামত জীৱন উচৰ্গা কৰাৰ বাবে শান্তিৰ নবেল বঁটা লাভ কৰিছিল। ১৯৯৭ চনৰ ৫ ছেপ্তেম্বৰৰ দিনা কলিকতা চহৰতে মাডাৰ টেৰেছাই ইহলীলা সম্বৰণ কৰিছিল। নোবেল বঁটাৰ উপৰিও মাডাৰ টেৰেছাই দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাও লাভ কৰিছিল

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.