IPL-2021ৰ খিতাপ অৰ্জন কৰিলে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে

Share This Article

IPL-2021ৰ ফাইনেলত শ্বাহৰুখ খান মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিলে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে। টচত হাৰি প্ৰথমে বেটিং কৰিবলৈ বাধ্য হোৱা চেন্নাই ছুপাৰ কিংছে ফাফ ডিউপ্লেচিচৰ ৮৬ ৰাণৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছৰ সমুখত বান্ধি দিয়ে ১৯৪ ৰাণৰ কঠিন লক্ষ্য। কিন্তু ইয়াৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছে ৯টা ৱিকেটৰ বিনিময়ত ১৬৫ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। চেন্নাইৰ হৈ শ্বাৰদুল ঠাকুৰে সৰ্বাধিক ৩টা ৱিকেট দখল কৰে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.