আজি কিহৰ বাবে টুইটাৰত ট্ৰেণ্ডিঙত নাথুৰাম গডছে?

Share This Article

গান্ধী আৰু গডছে। বৰ্তমান সময়ত দেশত বিশেষভাৱে চৰ্চিত নাম দুটা হৈছে মহাত্মা গান্ধী আৰু নাথুৰাম গডছে। ভাৰতীয় ৰাজনীতিত গান্ধী আৰু গডছেৰ চৰ্চা কোনো নতুন বিষয় নহয়। স্বাধীনতাৰ পিছৰে পৰাই গান্ধী আৰু গডছে ভাৰতীয় ৰাজনীতিৰ একো একোটা নিৰ্ণায়ক কাৰক হিচাপে পৰিগণিত হৈ আহিছে। সময়ে সময়ে বহু বিতৰ্ক কিম্বা বিষয়ে আঁজুৰি আনে গান্ধী আৰু গডছেৰ নাম। দেশৰ বহু ৰাজনৈতিক নেতাই নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰায়েই ব্যৱহাৰ কৰে গান্ধী আৰু গডছেৰ নাম। কিন্তু আজিৰ দিনটোত টুইটাৰত বিশেষভাৱে চৰ্চাত আছে মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নাথুৰাম গডছে। এই মূহুৰ্তত টুইটাৰৰ ট্ৰেণ্ডিং লিষ্টৰ চাৰি নম্বৰত আছে নাথুৰাম গডছে। এতিয়া প্ৰশ্ন হয় – কিহৰ বাবে ট্ৰেন্ডিঙত আছে নাথুৰাম গডছে? কিয় চৰ্চালৈ আহিছে দেশৰ ইতিহাসৰ জঘন্যতম হত্যাকাণ্ডৰ মূল অভিযুক্ত নাথুৰাম গডছে? গডছে বা গান্ধীৰ ভুল কি আছিল সেয়া বিচাৰ কৰাৰ অধিকাৰ আমাৰ নাই। কিন্তু দেশৰ স্বাধীনতা সংগ্ৰামৰ মূল কাণ্ডাৰী মহাত্মা গান্ধীৰ হত্যাত অভিযুক্ত এজন হত্যাকাৰীক কিদৰে এচাম ক্ষমতালোভী স্বাৰ্থপৰ নেতাই ভগৱান সজোৱাৰ চেষ্টা কৰিছে সেয়াহে বিচাৰ-বিশ্লেষণ কৰাৰ সময় আহি পৰিছে। বহু সময়ত বহু সাম্প্ৰদায়িক নেতাই গডছেক শ্বহীদ আখ্যা দি অপমান কৰে দেশৰ স্বাধীনতা সংগ্ৰামত আত্ম বলিদান দিয়া প্ৰতিগৰাকী প্ৰকৃত শ্বহীদক। কিন্তু কাণ-সাৰ নাই চৰকাৰ কিম্বা প্ৰশাসনৰ। প্ৰশাসনৰ নাকৰ তলতে নিতৌ বিকৃত কৰা হৈছে ইতিহাস। কিন্তু এই মূহুৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে কিহৰ বাবে টুইটাৰত ট্ৰেন্ডিঙত আহিছে নাথুৰাম গডছে। আচলতে টুইটাৰত গডছেৰ একাংশ অনুৰাগীয়ে গডছে অমৰ হে অৰ্থাৎ গডছে অমৰ শ্লোগানেৰে দেশজুৰি আৰম্ভ কৰিছে টুইটাৰ। বিভিন্ন যুক্তি আৰু ভুৱা প্ৰচাৰেৰে মহান সজাব বিচৰা হৈছে গডছেক। একেটা ট্ৰেন্ডতে বিভিন্ন জনে বিভিন্ন মন্তব্যৰে থকা-সৰকা কৰিছে গান্ধীক। মুঠতে গডছেক দেশপ্ৰেমী হিচাপে প্ৰতিফলিত কৰাৰ বাবে এতিয়া উঠি পৰি লাগিছে দেশৰ একাংশ ৰাজনৈতিক নেতা। সদা আলী নামৰ এটা টুইটাৰ একাউন্টৰ পৰা এখন বিশেষ ফটো টুইট কৰা হৈছে। ফটোখনত লিখা হৈছে স্বামী শ্ৰদ্ধানন্দৰ কথা। উল্লেখ্য যে স্বামী শ্ৰদ্ধানন্দক হত্যা কৰিছিল আব্দুল ৰচিদ নামৰ এজন মুছলমান সম্প্ৰদায়ৰ লোকে। ফটোখনত লিখা আছে যে আব্দুল ৰচিদে একমাত্ৰ ধৰ্ম ৰক্ষাৰ বাবেহে স্বামীক হত্যা কৰিছে বুলি মহাত্মা গান্ধীয়ে মত প্ৰকাশ কৰিছিল আৰু গান্ধীয়ে হেনো ৰচিদক সমৰ্থন জনাইছিল। এনেদৰেই এতিয়া ডিজিটেল আক্ৰমণ-প্ৰত্যাক্ৰমণত নামি পৰিছে দেশৰ একাংশ সাম্প্ৰদায়িক মানসিকতাৰ ষড়যন্ত্ৰকাৰী। গান্ধীক সমাজৰ চকুত হেয় প্ৰতিপন্ন কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে দেশৰ একাংশ সাম্প্ৰদায়িক নেতাই। ইয়াৰ উপৰিও কোনো কোনোৱে অভিযোগ কৰিছে যে মহাত্মা গান্ধীয়ে দেশ বিভাজনৰ দ্বাৰা লাখ লাখ হিন্দু আৰু শিখ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। বহুতে আকৌ নাথুৰাম গডছেক দেশৰ প্ৰকৃত নায়ক আখ্যা দি ছেল্যুট দিছে টুইটাৰত।এক বিশেষ অভিযোগ অনুসৰি যেতিয়া মুছলমান সকলে বন্দে মাতৰমৰ বিৰোধিতা কৰিছিল তথা গান্ধীয়ে ইয়াক সমৰ্থন কৰিছিল আৰু তেতিয়াই গান্ধীক গডছেৰ হত্যা কৰিবলৈ মন কৰিবলৈ মন গৈছিল। কিন্তু এই তথ্যবোৰ কিমান সত্য সেয়া এতিয়াও স্পষ্ট নহয়। গান্ধী আৰু গডছেৰ যুক্তিযুক্ততাৰ বিচাৰ হয়তো সময়ে কৰিব। কিন্তু সদায়েই এজন হত্যাকাৰী হিচাপে পৰিচিত এজন দাগী অপৰাধীক যোৱা কেইটামান বছৰৰ পৰা শ্বহীদ সজোৱাৰ যি অপচেষ্টা চলোৱা হৈছে সেয়াহে গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.