জন্মদিনৰ বাবেই পিছুৱালে গোচৰৰ দিন !

উচ্চতম ন্যায়ালয়ত নিতৌ ভালেসংখ্যক গোচৰৰ শুনানি চলি থাকে। প্ৰতিটো দিনত বহুতো গোচৰৰ চূড়ান্ত ৰায়ো দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। স্বাভাৱিকতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ,ন্যায়াধীশকে ধৰি অধিবক্তা সকল ভীষণ ব্যস্ত। এনে ব্যস্ততাৰ বাবে কেতিয়াবা পৰিয়ালৰ লোককো সময় দিব নোৱাৰে এইসকলে। কিন্তু তেওঁলোকৰো আছে একান্তই ব্যক্তিগত জীৱন। ন্যায়ালয়ৰ কাম -কাজৰ পাছতো তেওঁলোকে পৰিয়ালক দিব বিচাৰে সময়। এনে কাৰণতেই উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই পত্নীৰ জন্মদিনৰ বাবে গোচৰৰ শুনানি পিছুৱাই দিবলৈও জনাইছে আহ্বান।উল্লেখ্য উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল।২০২৩ চনৰ ১৩ জানুৱাৰীত মুখ্য ন্যায়াধীশক ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত অনুষ্ঠিত হ’ব গোচৰটোৰ শুনানি।কিন্তু সংশ্লিষ্ট গোচৰটোৰ শুনানিৰ পূৰ্বেই অধিবক্তা গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক জনালে এক আহ্বান।গোচৰৰ শুনানিৰ দিনটো ১৩ জানুৱাৰীৰ পাছত নথিভুক্ত কৰক।অধিবক্তা গৰাকীৰ এই আহ্বানত আচৰিত হ’ল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়।লগে লগে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধিবক্তা গৰাকীৰ প্ৰতি প্ৰশ্ন—-কিয়? জ্যোতিষীয়ে ১৩ জানুৱাৰীটো শুভ দিন নহয় বুলি কৈছে নেকি?মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ এই প্ৰশ্নৰ উত্তৰত অধিবক্তা গৰাকীয়ে কয়—–
”১৩ জানুৱাৰীত মোৰ পত্নীৰ জন্মদিন’৷অধিবক্তা গৰাকীৰ পৰা এই উত্তৰ পোৱাৰ পাছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে হাঁহি মাৰি কয় ‘যুক্তি সংগত কাৰণ’।এইবুলি কৈয়েই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ন্যায়ালয়ৰ বিষয়াক নিৰ্দেশ, ১৩ জানুৱাৰীৰ পাছত গোচৰটো নথিভুক্ত কৰক !লগে লগে অধিবক্তা গৰাকীৰ মুখত বিৰিঙিল সন্তুষ্টিৰ হাঁহি। উল্লেখ্য বাৰ এণ্ড বেঞ্চে টুইট কৰি উচ্চতম ন্যায়ালয়ৰ এই তথ্য সদৰী কৰে।১১ডিচেম্বৰ অৰ্থাৎ দেওবাৰে বাৰ এণ্ড বেঞ্চে কৰে এই টুইট। তাৰ পাছতেই সামাজিক মাধ্যমত এই বিষয়টো লৈ চলিছে ব্যাপক চৰ্চা। বহুতেই এই বিষয়টোত পাইছে আমেজ। টুইটটোত অৱশ্যে অধিবক্তা গৰাকীৰ নাম আৰু গোচৰটোৰ সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাই। কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অধিবক্তা গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা কাৰ্যক সকলোৱে দিছে সমৰ্থন ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296