ধৰ্ষণকাৰীক ‘সংস্কাৰী’ সজায় গুজৰাটত?

Share This Article

‘ব্ৰাহ্মণ সকল সংস্কাৰী’ বুলি কোৱা গুজৰাটৰ বিধায়ক গৰাকীক মনত আছে নে? গোধৰা কাণ্ডৰ ধৰ্ষণকাৰী ব্ৰাহ্মণ ,গতিকে ব্ৰাহ্মণে বেয়া কাম মানে ধৰ্ষণ-হত্যা আদি কৰিব নোৱাৰে-এয়া আছিল গুজৰাটী বিজেপি বিধায়কৰ যুক্তি।এই যুক্তিৰে সমাজত অসূয়া অশান্তিক উৎসাহিত কৰি সমাজত বিভেদ সৃষ্টি কৰাৰ বাবে বিজেপিয়ে দিলে তেওঁক পুৰস্কাৰ।এইবাৰো তেওঁ লাভ কৰিলে বিজেপিৰ প্ৰাৰ্থিত্ব৷যিটো সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে,সেই সময়ত কিন্তু এনে বিতৰ্কিত প্ৰাৰ্থীক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা নাই বিজেপিয়ে।”এয়াই গুজৰাট মডেল৷বিলকিচৰ ধৰ্ষণকাৰীক ‘সংস্কাৰী ব্ৰাহ্মণ’ আখ্যা দি প্ৰাৰ্থিত্ব লাভ কৰা বিধায়কগৰাকীক টিকেট প্ৰদান কৰা সম্পৰ্কত মন্তব্য দি এনেদৰে টুইট কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই।উল্লেখযোগ্য যে বিলকিচ বানুৰ ১১গৰাকী ধৰ্ষণকাৰীক মুক্তিৰ বিষয়টোক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা সকলৰ অন্যতম আছিল এই মহুৱা মৈত্ৰ।গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিগত ১৫ আগষ্টত ২০০২ চনৰ বিলকিচ বানুৰ ধৰ্ষণৰ লগত জড়িত ১১গৰাকী ধৰ্ষণকাৰীক মুক্তি দিয়াৰ ওপৰিও ফুলৰ মালাৰে আদৰিছিল তেওঁলোকৰ সমৰ্থকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.