ক’ৰোণাৰ তৃতীয় ঢৌ ! ৬ দিনত আক্ৰান্ত ৩০০ ৰো অধিক শিশু

Share This Article

ক’ৰোণাৰ তৃতীয় ঢৌৰ আশংকা প্ৰবল হৈ পৰিছে ৷ বিগত ৬ দিনত বাংগালুৰুত কোভিডত আক্ৰান্ত হৈছে ৩০০ ৰো অধিক শিশু ৷ আক্ৰান্তসকলৰ ১২৭ টি শিশুয়ে ৯ বছৰ বয়সৰ তলৰ ৷ ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ১৭৪ টি শিশু – কিশোৰো কোভিডত আক্ৰান্ত হৈছে ৷ কৰ্ণাটকত একেলগে ইমানসংখ্যক শিশু কোভিডত আক্ৰান্ত হোৱাৰ পাছত চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু প্ৰশাসন ৷স্বাস্থ্য বিভাগে সতৰ্কতা জাৰি কৰি কৈছে যে সাৱধনতা অবলম্বন নকৰিলে পৰিস্থিতিৰ অধিক অৱনতি ঘটিব ৷

পূৰ্বৰে পৰা কৈ অহা হৈছিল যে দেশত ক’ৰোণাৰ তৃতীয় ঢৌ আৰম্ভ হ’লে অধিক শিশু আক্তান্ত হ’ব ৷ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্তেম্বৰৰ পৰা শিশুৰ ভেকচিনেচনৰ কামো আৰম্ভ কৰা যো-জা চলাই থকা হৈছে ৷তাৰ মাজতে বাংগালুৰুৰ শেহতীয়া পৰিস্থিতিয়ে দেশত ক’ৰোণাৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ সম্ভাৱণা প্ৰবল কৰি তুলিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.