সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোণাৰ তৃতীয় ঢৌ ! ৬ দিনত আক্ৰান্ত ৩০০ ৰো অধিক শিশু

ক’ৰোণাৰ তৃতীয় ঢৌৰ আশংকা প্ৰবল হৈ পৰিছে ৷ বিগত ৬ দিনত বাংগালুৰুত কোভিডত আক্ৰান্ত হৈছে ৩০০ ৰো অধিক শিশু ৷ আক্ৰান্তসকলৰ ১২৭ টি শিশুয়ে ৯ বছৰ বয়সৰ তলৰ ৷ ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ১৭৪ টি শিশু – কিশোৰো কোভিডত আক্ৰান্ত হৈছে ৷ কৰ্ণাটকত একেলগে ইমানসংখ্যক শিশু কোভিডত আক্ৰান্ত হোৱাৰ পাছত চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু প্ৰশাসন ৷স্বাস্থ্য বিভাগে সতৰ্কতা জাৰি কৰি কৈছে যে সাৱধনতা অবলম্বন নকৰিলে পৰিস্থিতিৰ অধিক অৱনতি ঘটিব ৷

পূৰ্বৰে পৰা কৈ অহা হৈছিল যে দেশত ক’ৰোণাৰ তৃতীয় ঢৌ আৰম্ভ হ’লে অধিক শিশু আক্তান্ত হ’ব ৷ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্তেম্বৰৰ পৰা শিশুৰ ভেকচিনেচনৰ কামো আৰম্ভ কৰা যো-জা চলাই থকা হৈছে ৷তাৰ মাজতে বাংগালুৰুৰ শেহতীয়া পৰিস্থিতিয়ে দেশত ক’ৰোণাৰ তৃতীয় ঢৌ আৰম্ভ হোৱাৰ সম্ভাৱণা প্ৰবল কৰি তুলিছে ৷

- Donation -

Leave A Reply

Your email address will not be published.