UPSC পৰীক্ষাত একেলগে উত্তীৰ্ণ হোৱা দুই ভগ্নীয়ে কেনেদৰে প্ৰস্তুতি চলাইছিল?

Share This Article

কিছুদিন পূৰ্বে ঘোষণা কৰা হল ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল। দেশৰ সৰ্বোচ্চ মেধা সম্পন্ন পৰীক্ষাৰ্থীৰ মাজৰ পৰা চলিত বছৰৰ বাবে নিৰ্বাচন কৰি উলিওৱা হল ৭৭২ গৰাকীকৈ প্ৰশাসনিক সেৱাৰ বিষয়া। কিন্তু দেশৰ এই ৭৭২ গৰাকী সু-সন্তানৰ মাজত বিশেষভাৱে চৰ্চালৈ আহিছে দুগৰাকী ভগ্নী। ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত একেলগে উত্তীৰ্ণ হৈ দুই ভগ্নীয়ে গৌৰৱ কঢ়িয়াই আনিছে দেশলৈ। অংকিতা জৈন ত্যাগী আৰু বৈশালী জৈন নামৰ আগ্ৰাৰ এই দুই ভগ্নীয়ে একেলগে পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু দুয়ো গৰাকীয়েই পৰীক্ষাটোত শীৰ্ষ স্থান লাভ কৰিছে। জ্যেষ্ঠা ভগ্নী অংকিতা জৈন ত্যাগী UPSCত সৰ্বাধিক নম্বৰ লাভ কৰা প্ৰাৰ্থীসকলৰ ভিতৰত এগৰাকী । অংকিতাই সৰ্বভাৰতীয় পৰ্য্যায়ত ৩ নম্বৰ স্থান লাভ কৰিছে আৰু ভৱিষ্যতৰ IAS বিষয়া হিচাপে নিজকে সাজু কৰি আছে। আনহাতে অংকিতাৰ ভনীয়েক বৈশালীয়ে সৰ্বভাৰতীয় পৰ্যায়ত ২১ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। অংকিতাই অলপতে সুদক্ষ IPS বিষয়া অভিনৱ ত্যাগীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছ। দুয়োগৰাকীয়ে কয় যে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে প্ৰথমে ইয়াৰ পাঠ্যক্ৰমৰ সৈতে পৰিচিত হোৱাটো জৰুৰী আৰু তাৰ পিছত মৌলিক বিষয়বোৰ স্পষ্ট হোৱাটো দৰকাৰ।অংকিতাই কয় যে পূৰ্বতে হোৱা বিফল প্ৰচেষ্টাই তেওঁক পৰীক্ষাৰ আৰ্হি ভালদৰে বুজি পোৱাত সহায়হে কৰিছিল। বিফলতাই অংকিতাক কেতিয়াও হতাশ কৰিব নোৱাৰিছিল। অংকিতাই বৰ্তমান বিখ্যাত ব্যক্তিগত প্ৰতিষ্ঠান এটাত কাম কৰি আছে।পৰীক্ষাত সফলতা লাভ কৰাৰ বাবে অংকিতাক চাৰি বছৰৰ সময় লাগিছিল আৰু অংকিতাই চাকৰি কৰিবলৈ আৰম্ভ কৰাৰ আগতেই প্ৰিলিমছৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি লৈছিল।
UPSCৰ বাবে প্ৰস্তুতি চলোৱাটো অংকিতাৰ বাবে সহজ নাছিল কিন্তু এটা কঠোৰ সময় ব্যৱস্থাপনাৰ মাজেৰে অংকিতাই সেই লক্ষ্যত উপনীত হৈছিল। অংকিতাই লগতে কয় যে শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিব লাগে আৰু ইফালে সিফালে চোৱাৰ সলনি সেই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰস্তুতি চলোৱা উচিত। শিক্ষাৰ্থীৰ মনত থকা দৃঢ় বিশ্বাস আৰু দৃঢ় প্ৰতিজ্ঞাই একোগৰাকীকৈ উচ্চপদস্থ বিষয়া হোৱাত সহায় কৰে। বিফলতাই আচলতে মানুহক আৰু অধিক সাহসী তথা শক্তিশালীহে কৰি তোলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.