ঔষধ নিষিদ্ধ,ক্ষতিপূৰণ লাগে পতঞ্জলিক !

Share This Article

উত্তৰাখণ্ডৰ চৰকাৰে ৫ বিধ ঔষধ নিষিদ্ধ ঘোষণা কৰাৰ পিছত যোগগুৰু বাবা ৰামদেৱ বাৰুকৈয়ে ক্ষুণ্ণ হৈছে৷তেওঁৰ ঔষধ নিষিদ্ধ ঘোষণা কৰা সকলক ‘আয়ুৰ্বেদ বিৰোধী ড্ৰাগছ মাফিয়া’ বুলি সম্বোধন কৰিছে যোগগুৰুগৰাকীৰ মালিকানাধীন কোম্পানীটোৱে। কোম্পানীটোৱে ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁলোকে এতিয়ালৈকে তেনে কোনো পত্ৰ লাভ কৰা নাই। কিন্তু ‘আয়ুৰ্বেদ বিৰোধী চক্ৰৰ ‘ এয়া এক ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ৰামদেৱৰ কোম্পানীটোৱে। “এতিয়ালৈকে ষড়যন্ত্ৰমূলকভাৱে লিখা পত্ৰখন পতঞ্জলিৰ কাৰ্যালয়ত পোৱাহি নাই। ৯ নৱেম্বৰতেই সংবাদমাধ্যমত বিলাই দিয়া পত্ৰখন আহি কাৰ্যালয়ত নপৰাটোৱেই এই ষড়যন্ত্ৰৰ প্ৰমাণ৷আয়ুৰ্বেদিক চিকিৎসাৰ সকলো নিয়ম মানি যথেষ্ট গৱেষণাৰ অন্ততহে এই ঔষধ সমূহ প্ৰস্তুত কৰা হয়৷প্ৰায় ৫০০ মান বিজ্ঞানীৰ গৱেষণাৰ পিছতহে পতঞ্জলিয়ে ঔষধ প্ৰস্তুত কৰে”- এনেদৰে বিবৃতি দিয়ে সংস্থাটোৱে। এনেকুৱা ষড়যন্ত্ৰমূলক প্ৰচাৰ কৰোঁতাৰ বিৰুদ্ধে পতঞ্জলিয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সংস্থাটোৱে। “হয়,বিভাগটোৱে নিৰ্দেশনাটো উঠাই লওক অথবা এই ষড়যন্ত্ৰত জড়িত লোকক কঠোৰ শাস্তি প্ৰদান কৰক ”- এনেদৰে দাবী জনাই কোম্পানীটোৱে৷ তদুপৰি পতঞ্জলিয়ে এই ষড়যন্ত্ৰৰ বাবে সন্মুখীন হোৱা লোকচানৰ বাবে ক্ষতিপূৰণো দাবী কৰিছে। বৃহস্পতিবাৰে দেশৰ বিভিন্ন সংবাদপত্ৰত প্ৰকাশ পোৱা অনুসৰি ডেৰাডুনৰ আয়ুৰ্বেদ আৰু ইউনানি লাইচেঞ্চিং অথৰিটীয়ে পতঞ্জলিৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানী দিব্যা ফাৰ্মেচীক মধুগৃৎ,আইগৃৎ,থাইৰ’গৃৎ,বিপিগৃৎ আৰু লিপিডম ঔষধৰ উৎপাদন সম্পূৰ্ণভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। উক্ত নিৰ্দেশত উত্তৰাখণ্ডৰ আয়ুৰ্বেদিক আৰু ইউনানি চাৰ্ভিছৰ লাইচেঞ্চ অফিচাৰ ড° জি চি এছ জাংপাঙীৰ স্বাক্ষৰ আছিল।হিন্দুস্তান টাইমছৰ তথ্য অনুসৰি কেৰালাৰ এগৰাকী চকুৰোগ বিশেষজ্ঞৰ অভিযোগৰ ভিত্তিত এই পদক্ষেপ লৈছে বিভাগটোৱে।জুলাই মাহতে কে ভি বাবু নামৰ চকুৰোগ বিশেষজ্ঞ গৰাকীয়ে এই অভিযোগ দিয়াৰ পিছত বিগত ১১অক্টোবৰত পুনৰ ইমেইলৰ জড়িয়তে অভিযোগ দিয়ে তেওঁ।তেওঁৰ সেই অভিযোগৰ ভিত্তিতে এই নিৰ্দেশ জাৰি কৰে চৰকাৰী বিভাগটোৱে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.