সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাৰ পাল্লা কিমান ভাৰী হিমাচলত?

শনিবাৰে হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। মুঠ ৬৮ খন আসনৰ বাবে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব। হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ বহুত আগৰে পৰাই বিজেপি দলে তাত বিভিন্ন সভা -সমিতি-শোভাযাত্ৰা আদি অনুষ্ঠিত কৰি দলটোৰ সপক্ষে নিৰ্বাচনী বতাহ বোৱাবলৈ চেষ্টা কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ,বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি বিভিন্ন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত চলাইছে প্ৰচাৰ অভিযান৷আনহাতে,বিৰোধী দল কংগ্ৰেছো প্ৰচাৰৰ ক্ষেত্ৰত পিচপৰি থকা নাই। দলটোৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গে,ৰাষ্ট্ৰীয় সম্পাদক প্ৰিয়ংকা গান্ধীয়েও চলাইছে জোৰদাৰ প্ৰচাৰ। ৰাজ্যখনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সমষ্টিটো হৈছে চিৰাজ ,এই সমষ্টিটোৰ পৰাই প্ৰতিনিধিত্ব কৰিছে মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে৷কংগ্ৰেছ দলে উক্ত সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে চেতৰাম ঠাকুৰক। ২০১৭ চনৰ নিৰ্বাচনত জয়ৰাম ঠাকুৰে চেতৰাম ঠাকুৰক ১১,২৫৪ টা ভোটত পৰাজিত কৰিছিল৷যদি হিমাচল প্ৰদেশত পুনৰ বিজেপি চৰকাৰ ক্ষমতালৈ আহে তেন্তে জয়ৰাম ঠাকুৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত। চিমলা গ্ৰাম্য সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে বিক্ৰমাদিত্য সিঙে৷সিং ৬ বাৰৰ মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পুত্ৰ৷২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিক্ৰমাদিত্য সিঙে সেই সমষ্টিৰ পৰা জয়লাভ কৰিছিল।১৭ চনৰ আগৰ ৬ টা নিৰ্বাচনত তেওঁৰ পিতৃ বীৰভদ্ৰ সিং জয়ী হৈছিল সেই সমষ্টিৰ পৰা। বিজেপিয়ে ৰবি মেহতাক উক্ত সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।বিক্ৰমাদিত্য সিঙৰ মাতৃ প্ৰতিভা সিং হিমাচল কংগ্ৰেছৰ সভাপতি হোৱাৰ ওপৰিও মাণ্ডী লোকসভা সমষ্টিৰ সাংসদ।
আনহাতে,ৰাজ্যখনৰ আন এটা সমষ্টি পাউন্টা চাহিবত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে শক্তি মন্ত্ৰী সুখৰাম চৌধুৰীক।এই সমষ্টিটোতেই আছে শিখ সকলৰ তীৰ্থস্থান৷আনহাতে,কংগ্ৰেছ দলে কিৰ্নেশ জাঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে উক্ত সমষ্টিত।২০১৭ চনৰ নিৰ্বাচনত উক্ত সমষ্টিৰ পৰা জয়লাভ কৰিছিল সুখৰাম চৌধুৰীয়ে৷২০১২ চনত কিৰ্নেশ জাং আছিল উক্ত সমষ্টিৰ বিধায়ক।ৰাজ্যখনৰ আন এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে হাৰাউলী। হাৰাউলীত বিৰোধী দলৰ নেতা মুকেশ অগ্নিহোত্ৰীয়ে কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে ৰাম কুমাৰক। থেঅগ সমষ্টিটোও আন এটা গুৰুত্বপূৰ্ণ সমষ্টি৷চিপিএমৰ ৰাকেশ সিঙে বিগত নিৰ্বাচনত এই সমষ্টিটোৰ পৰা জয়লাভ কৰিছিল। কংগ্ৰেছ দলে দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি কুলদীপ সিং ৰাথোড়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷অজয় শ্যাম হ’ল এইবাৰৰ সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী। আনহাতে,নাদুন সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে জ্যেষ্ঠ নেতা সুখবিন্দৰ সিং সুখুক। ২০১৭ চনত সুখুৱেই জয়লাভ কৰিছিল। ২০০৩ আৰু ২০০৭ চনৰ নিৰ্বাচনতো সুখুৱেই উক্ত সমষ্টিৰ পৰা জয়লাভ কৰিছিল৷সুখু কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰো।কুসুমপ্তী সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে সুৰেশ ভৰদ্বাজক৷সুৰেশ ভৰদ্বাজ আছিল নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী৷সুৰেশ ভৰদ্বাজে ছিমলা (নগৰ) সমষ্টিৰ পৰা ৪ বাৰ জয়লাভ কৰিছে৷ কিন্তু এইবাৰ তেওঁৰ সমষ্টি সলনি কৰা হ’ল যাক লৈ খড়গহস্ত হৈ পৰিছে বিজেপি কৰ্মীসকল৷কংগ্ৰেছ দলে উক্ত সমষ্টিত প্ৰাৰ্থিত্ব দিছে বিধায়ক অনিৰূদ্ধ সিঙক৷অনিৰুদ্ধ সিঙে অৱশ্যে এই সমষ্টিটোৰ পৰা দুবাৰকৈ নিৰ্বাচনত জয়লাভ কৰিছে।ৰাজ্যখনৰ আন এটা প্ৰধান তথা গুৰুত্বপূৰ্ণ সমষ্টি হ’ল কাচাউলী৷পৰিয়াল কল্যাণ মন্ত্ৰী ৰাজীৱ চৈজালক উক্ত সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে।এই সমষ্টিৰ পৰা ৰাজীৱ চৈজালে তিনিবাৰকৈ নিৰ্বাচিত হৈছে৷কংগ্ৰেছ দলে এইবাৰ পুনৰ বিনোদ চুলতানপুৰীকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। হিমাচল প্ৰদেশৰ দুখন গুৰুত্বপূৰ্ণ জিলা হ’ল কাংৰা আৰু মাণ্ডী৷কাংৰা জিলাত ১৫ টা বিধানসভা সমষ্টি থকাৰ বিপৰীতে মাণ্ডী জিলাত আছে ১০ টা বিধানসভা সমষ্টি।২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে ১১খন আসন লাভ কৰিছিল কাংৰা জিলাৰ পৰা।আনহাতে,মাণ্ডীৰ পৰা লাভ কৰিছিল ৯ খন আসন।সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই তীব্ৰ বিসম্বাদৰ সন্মুখীন হৈছে ৰাজ্যখনত।ঘাইকৈ প্ৰাৰ্থিত্বক লৈয়ে হৈছে এই বিসম্বাদ। অৱশ্যে তুলনামূলকভাৱে বিজেপিতকৈ কংগ্ৰেছত বিসম্বাদ কম৷মাণ্ডী,বিলাসপুৰ সদৰ,কাংৰা,ধৰমশালৰ,ঝানদুটা,চাম্বা,ডেহৰা,কুলু,হামিৰপুৰ,নালাগড়, ফতেহপুৰ,কিন্নৌৰ, অনী,সুন্দৰনগৰ, নাচান,ইন্দোৰ আদি সমষ্টিত বিসম্বাদী বিজেপিয়ে নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে।

Leave A Reply

Your email address will not be published.