সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গৌতম বুদ্ধৰ প্ৰতি আকৰ্ষিত গৌতমক তলব আৰক্ষীৰ

আপক ‘হিন্দু বিৰোধী’ বনাই ৰোষত পৰিছে গৌতম |  আপ নেতা ৰাজেন্দ্ৰ পল গৌতমক দিল্লী আৰক্ষীয়ে মঙলবাৰে তলব কৰিছে ৷ আপ নেতা গৰাকীৰ বিৰুদ্ধে ধৰ্মৰ বিৰুদ্ধে বিদ্বেষ ভাৱ সৃষ্টি কৰাৰ অভিযোগ তুলিছিল বিজেপিয়ে ৷ দিল্লীত ‘বুদ্ধিষ্ট চ’ছাটি অব ইণ্ডিয়া’ই আয়োজন কৰা এক ধৰ্মান্তকৰণ অনুষ্ঠানত উপস্থিত থকাৰ বিষয়টোক লৈ তুমুল বিতৰ্কৰ মাজত সোমাই পৰিছিল প্ৰাক্তন আপ মন্ত্ৰী ৰাজেন্দ্ৰ পল গৌতম | অনুষ্ঠানটোৰ এটা ভিডিঅ’ত ৰাজেন্দ্ৰপল গৌতমকো “ মোৰ ব্ৰহ্মা,বিষ্ণু আৰু মহেশ্বৰৰ ওপৰত অলপো বিশ্বাস নাই ” বুলি শপত লৈ থকা দেখা গৈছিল  ৷ গৌতমৰ এই অনুষ্ঠানটোৰ উপস্থিতিকে বিজেপিয়ে আপ এটা “হিন্দু বিৰোধী” দল বুলি দলটোক আক্ৰমণ কৰাৰ সুযোগ উলিয়াই দিলে ৷ বিজেপিৰ আক্ৰমণৰ বাবেই তেওঁ যোৱা দেওবাৰে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল ৷ তেওঁ আনকি পদত্যাগৰ কাৰণ সম্পৰ্কত উল্লেখ কৰি কয় যে তেওঁক কোনেও পদত্যাগ কৰাৰ কথা কোৱা নাছিল ৷ তেওঁ লগতে কয় যে তেওঁ নিজেহে সেই অনুষ্ঠানত অংশ লৈছিল তাৰবাবে তেওঁৰ দলক সাঙুৰি লোৱা অনুচিত ৷ আপ নেতাজনে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে এই অনুষ্ঠানটো ‘সামাজিক আৰু ধৰ্মীয় কাৰ্যসূচী’ৰ লগত জড়িত ৷ ১৯৫৬ চনৰ পৰা এই কাৰ্যসূচী ধৰ্মান্তকৰণ কৰা সকলৰ বাবে অনুষ্ঠিত হৈ আহিছে৷
অৱশ্যে আপ নেতা গৰাকীয়ে যিমানেই যি যুক্তি তেওঁৰ সমৰ্থনত নিদিলেও, এই কাৰ্যসূচীত অংশগ্ৰহণৰ পিছতে দেওবাৰে গুজৰাটত আপ ‘হিন্দুত্ব বিৰোধী’ বুলি পষ্টাৰ লগালে বিজেপিয়ে৷

গুজৰাট নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আপ দলৰ বাবে ই এক বৃহৎ আঘাত হিচাপে প্ৰতিপন্ন হৈছে ৷

- Donation -

Leave A Reply

Your email address will not be published.