গৌতম বুদ্ধৰ প্ৰতি আকৰ্ষিত গৌতমক তলব আৰক্ষীৰ

Share This Article

আপক ‘হিন্দু বিৰোধী’ বনাই ৰোষত পৰিছে গৌতম |  আপ নেতা ৰাজেন্দ্ৰ পল গৌতমক দিল্লী আৰক্ষীয়ে মঙলবাৰে তলব কৰিছে ৷ আপ নেতা গৰাকীৰ বিৰুদ্ধে ধৰ্মৰ বিৰুদ্ধে বিদ্বেষ ভাৱ সৃষ্টি কৰাৰ অভিযোগ তুলিছিল বিজেপিয়ে ৷ দিল্লীত ‘বুদ্ধিষ্ট চ’ছাটি অব ইণ্ডিয়া’ই আয়োজন কৰা এক ধৰ্মান্তকৰণ অনুষ্ঠানত উপস্থিত থকাৰ বিষয়টোক লৈ তুমুল বিতৰ্কৰ মাজত সোমাই পৰিছিল প্ৰাক্তন আপ মন্ত্ৰী ৰাজেন্দ্ৰ পল গৌতম | অনুষ্ঠানটোৰ এটা ভিডিঅ’ত ৰাজেন্দ্ৰপল গৌতমকো “ মোৰ ব্ৰহ্মা,বিষ্ণু আৰু মহেশ্বৰৰ ওপৰত অলপো বিশ্বাস নাই ” বুলি শপত লৈ থকা দেখা গৈছিল  ৷ গৌতমৰ এই অনুষ্ঠানটোৰ উপস্থিতিকে বিজেপিয়ে আপ এটা “হিন্দু বিৰোধী” দল বুলি দলটোক আক্ৰমণ কৰাৰ সুযোগ উলিয়াই দিলে ৷ বিজেপিৰ আক্ৰমণৰ বাবেই তেওঁ যোৱা দেওবাৰে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল ৷ তেওঁ আনকি পদত্যাগৰ কাৰণ সম্পৰ্কত উল্লেখ কৰি কয় যে তেওঁক কোনেও পদত্যাগ কৰাৰ কথা কোৱা নাছিল ৷ তেওঁ লগতে কয় যে তেওঁ নিজেহে সেই অনুষ্ঠানত অংশ লৈছিল তাৰবাবে তেওঁৰ দলক সাঙুৰি লোৱা অনুচিত ৷ আপ নেতাজনে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে এই অনুষ্ঠানটো ‘সামাজিক আৰু ধৰ্মীয় কাৰ্যসূচী’ৰ লগত জড়িত ৷ ১৯৫৬ চনৰ পৰা এই কাৰ্যসূচী ধৰ্মান্তকৰণ কৰা সকলৰ বাবে অনুষ্ঠিত হৈ আহিছে৷
অৱশ্যে আপ নেতা গৰাকীয়ে যিমানেই যি যুক্তি তেওঁৰ সমৰ্থনত নিদিলেও, এই কাৰ্যসূচীত অংশগ্ৰহণৰ পিছতে দেওবাৰে গুজৰাটত আপ ‘হিন্দুত্ব বিৰোধী’ বুলি পষ্টাৰ লগালে বিজেপিয়ে৷

গুজৰাট নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আপ দলৰ বাবে ই এক বৃহৎ আঘাত হিচাপে প্ৰতিপন্ন হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.