মেডিয়াত গুৰুত্বহীন হিমাচলৰ ফলাফল

গোডী মেডিয়াত উজলিল গুজৰাটৰ ফলাফল।কিন্তু প্ৰথম পৃষ্ঠাত স্থান নাপালে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলে ।হিমাচল প্ৰদেশ কিয় নাহিল লাইমলাইটলৈ? মাত্ৰ এখন ৰাজ্যৰ নিৰ্বাচনত বিজয় নিচান উৰুৱাবলৈ সক্ষম হোৱা বিজেপিক লৈয়েই ব্যস্ত হৈ থাকিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যম। কিন্তু বাস্তৱৰ ছবিখনত প্ৰকৃততে বিজেপি হাৰিল!হিমাচল প্ৰদেশৰ নিৰ্বাচনত শোচনীয় পৰাজয় বিজেপিৰ।দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত বৃহৎ পৰাজয় বিজেপিৰ।উপ নিৰ্বাচনতো শোচনীয় পৰাজয় বিজেপিৰ।কিন্তু তাৰ পাছতো বাৰে বাৰে বিজেপিৰ জয়গান কিয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত? এয়া কেইখনমান ৰাষ্ট্ৰীয় বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা। য’ত কেৱল দেখিবলৈ পোৱা গ’ল মোডী মোডী ধ্বনি। আৰু মাথোঁ বিজেপিৰ জয়গান। মোডী মেজিকৰ জয়গানত ব্যস্ত হৈ থাকিল সমগ্ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম। কেৱল বাতৰি কাকত নহয় টেলিভিছনটো সম্প্ৰচাৰিত হ’ল কেৱল মোডীৰ জয়গান, বিজেপিৰ জয়গান।হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলৰ কোনো বিশ্লেষণ দেখিবলৈ পোৱা নগ’ল কোনো সংবাদ মাধ্যমত। গুজৰাটত বিজেপিৰ ঐতিহাসিক বিজয়ক লৈ তোলপাৰ লাগি থাকিল সকলো। দিল্লী, উপ নিৰ্বাচন, হিমাচলৰ নিৰ্বাচনৰ ফলাফলৰ কোনো পৰ্যালোচনা পৰিলক্ষিত নহ’ল দেশজুৰি প্ৰকাশিত ইংৰাজী অথবা হিন্দী বাতৰি কাকতসমূহত। অইনটো বাদেই , দ্য হিন্দু বাতৰি কাকততো বৰ বৰ হৰফৰেৰে প্ৰকাশিত হ’ল গুজৰাট জয়ৰ কাহিনী। কিন্তু গুৰত্ব নাপালে হিমাচলৰ ফলাফলে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296