ছানিয়া -ছোৱেইবৰ সম্পৰ্কত ফাঁট

Share This Article

কেৱল প্ৰেমৰ বাবেই নিজ দেশৰ শত্ৰুকো আকোঁৱালি লৈছিল টেনিছ তাৰকা তথা সুন্দৰী ছানিয়া মিৰ্জাই।সেই ছানিয়াকেই এতিয়া নিজৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াব খুজিছে পাকিস্তানী ক্ৰিকেটাৰ তথা ছানিয়াৰ স্বামী ছোৱেইব আখতাৰে।পাকিস্তানী সংবাদপত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি ছানিয়া আজিকালি ডুবাই অথবা ভাৰতত থাকে আৰ তাৰ বিপৰীতে ছোৱেইব থাকে পাকিস্তানত।ছানিয়া আৰু ছোৱেইবৰ বিবাহ হৈছিল ২০১০ চনত।সেই সময়তো বিবাহখনক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল কিয়নো ছোৱেইব আখতাৰে তেওঁৰ প্ৰাক্তন পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈ ছানিয়াক বিয়া পাতিছিল।বিয়াৰ পিছৰে পৰা ডুবাইতে আছিল ছানিয়া-ছোৱেইব।পাকিস্তানী সংবাদপত্ৰৰ সূত্ৰ অনুসৰি ইতিমধ্যে ছোৱেইবে ডুবাইৰ ঘৰ এৰি শিয়ালকোট আৰু কৰাছীত প্ৰায়ে সময় অতিবাহিত কৰে ।তেওঁলোকৰ পুত্ৰৰ জন্মদিনৰ ফটো অলপতে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ছোৱেইব মালিকে কিন্তু ছানিয়া সেই অনুষ্ঠানত উপস্থিত আছিল যদিও কোনো ফটোগ্ৰাফ তেওঁ শ্বেয়াৰ কৰা নাছিল।পাকিস্তানী সংবাদ মাধ্যমে অৱশ্যে ছোৱেইবে ছানিয়াক প্ৰতাৰণা কৰা বুলিহে প্ৰকাশ কৰিছে। অনুষ্ঠান এটাৰ শ্বুটিঙৰ সময়ত পাকিস্তানৰ টেলিভিছনৰ অভিনেত্ৰী এগৰাকীৰ লগত ঘনিষ্ঠতা বৃদ্ধি পাইছিল ছোৱেইবৰ।তেতিয়াৰ পৰাই দুয়োৰে মাজত সম্পৰ্ক তিক্ত হৈ পৰে ।বহুত দিন ধৰি ছানিয়াই ছোৱেইবৰ লগত কোনো ফটোগ্ৰাফ শ্বেয়াৰ কৰা নাই ইনষ্টাগ্ৰামত৷অৱশ্যে তেওঁলোকৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই দম্পতীহালে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.