টি২০ বিশ্বকাপৰ শোচনীয় প্ৰদৰ্শনৰ বাবে ৰোহিত শৰ্মাই কাক জগৰীয়া কৰিলে ?

Share This Article

আফগানিস্তানৰ বিৰুদ্ধে টি ২০ বিশ্বকাপত প্ৰথম জয়ৰ মুখ দেখিলে ভাৰতে ৷ কিন্তু এতিয়াও ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ নিৰ্ভৰ কৰিব নিউজিলেণ্ডৰ প্ৰদৰ্শনৰ ওপৰত ৷ কিন্তু আফগানিস্তানৰ বিৰুদ্ধে বিজয়ৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাই অন্য এক মন্তব্য কৰিছে ৷ পূৰ্বৰ দুখন মেচত পৰাজয়ৰ বাবে তেও দলীয় সিদ্ধান্তকে জগৰীয়া কৰে ৷ তেও কয় –‘আফগানিস্তানৰ বিৰুদ্ধে আমাৰ দৃষ্টিভংগী অন্য ধৰণৰ আছিল ৷ যদি প্ৰথম মেচদুখনতো একেই দৃষ্টিভংগী থাকিলহেতেন , তেনেহলে ভাল হ’লহেতেন ৷ কিন্তু সেয়া নহ’ল ৷ বহুদিন ধৰি একেধাৰে ক্ৰিকেট খেলি থাকিলে এনে হোৱাটো অস্বাভাৱিক নহয় ৷ মাজে মাজে সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷ প্ৰথম দুখন মেচত সেয়াই দেখা গ’ল ৷’
চৰ্চা চলিছে যে বিৰাট কোহলিক উদ্দেশ্য কৰিয়েই ৰোহিত শৰ্মাই এই মন্তব্য কৰিছে ৷ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰাৰ পাছত ৰোহিত শৰ্মাই টি২০ দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.