প্ৰধানমন্ত্ৰী মোদীয়ে ক’ত উদযাপন কৰিলে দিপাৱলী ?

Share This Article

দিপাৱলীৰ দিনটোত দেশৰ সৈনিকসকলক শুভেচ্ছা জ্ঞাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ল জন্মু – কাশ্মীৰৰ নৌছেৰাত ৷ সেনা জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়-‘মই নিজৰ পৰিয়ালৰ সৈতে দিপাৱলী উদযাপন কৰিব বিচাৰো ৷ সেয়ে আজি আপোনালোকৰ মাজলৈ আহিছো ৷’ সেনা জোৱানৰ শক্তি আৰু সাহসে দেশৰ শান্তি আৰু সুৰক্ষা সুনিশ্চিত কৰিছে বুলিও তেও মন্তব্য কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰ পূৰ্বতে মূলত: আমদানিৰ ওপৰত নিৰ্ভৰ কৰিছিল ৷ কিন্তু বৰ্তমানৰ চৰকাৰৰ আপ্ৰান চেষ্টাৰ ফলত স্বদেশী ক্ষমতা বৃদ্ধি পাইছে ৷ বৈশ্বিক পৰিৱৰ্তন আৰু যুদ্ধৰ পৰিৱৰ্তনশীল কৌশল অনুসাৰে নিজৰ সেনা বাহিনীৰ ক্ষমতা অধিক বৃদ্ধি কৰিব লাগিব ৷ সীমান্ত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰতো তেও গুৰুত্ব আৰোপ কৰে ৷
ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা উল্লেখ কৰি তেও পুণৰ কয় যে ছাৰ্জিকেল ষ্ট্ৰাইকৰ পাছৰে পৰা সন্ত্ৰাসবাদ বৃদ্ধিৰ বহু চেষ্টা চলোৱা হৈছে যদিও তাৰ সমুচিত প্ৰত্যুত্তৰ দি অহা হৈছে ৷ লাডাখৰ পৰা অৰুণাচল প্ৰদেশ , জয়ছালমিৰৰ পৰা আন্দামান নিকোবৰলৈকে সীমান্তৱৰ্তী অঞ্চলত যাতায়তৰ সুবিধাও সুচল কৰা হৈছে ৷ ইয়াৰ জড়িয়তে সেনাৰ সঞ্চালনত অধিক সুবিধা হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.