কোটিপতি শাসকৰ ৰাজ্য হ’ব নেকি হিমাচল?

কোটিপতি-অপৰাধী প্ৰাৰ্থীৰে ৰেকৰ্ড গঢ়িছে হিমাচল প্ৰদেশে। অহা ১২নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীৰ আধিপত্য দেখা গৈছে। মুঠ ৪১২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২২৬ প্ৰাৰ্থীয়েই কোটিপতি ৰাজ্যখনত৷ ধনাঢ্য প্ৰাৰ্থীৰ হাততহে ৰ’বগৈ নেকি হিমাচল প্ৰদেশৰ ভৱিষ্যত? কাৰণ ইতিমধ্যে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হিমাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচনত মুঠ ৪১২ প্ৰাৰ্থীয়ে বিভিন্ন ৰাজনৈতিক দল তথা নিৰপেক্ষভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব। কিন্তু ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত উল্লেখযোগ্য তথা চৰ্চিত বিষয়টো হ’ল যে কোটিপতি প্ৰাৰ্থীৰ আধিপত্য দেখিবলৈ পোৱা গৈছে ৰাজ্যখনত। মনোনয়ন আগবঢ়োৱা ৪১২ প্ৰাৰ্থীৰ ভিতৰত ২২৬ জন প্ৰাৰ্থীয়েই কোটিপতি। অৰ্থাৎ ৪১২ প্ৰাৰ্থীৰ ভিতৰত মাথোঁ ১৮৬ প্ৰাৰ্থী হে নহয় কোটিপতি।কেৱল এয়াই নহয়, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ মনোনয়ন পত্ৰ দাখিল কৰা ৯৪ জনৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ। অৱশ্যে ২০১৭ বৰ্ষৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা ৩৩৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৫৮ জনেই আছিল কোটিপতি। আনহাতে একেটা বৰ্ষত অপৰাধী প্ৰাৰ্থীৰ সংখ্যা আছিল ৩১ জন। নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীৰ শপতনামা পৰীক্ষাৰ অন্তত এছ’চিয়েছন ফ’ৰ ডেম’ক্ৰেটিক ৰিফ’ৰ্মছ চমুকৈ ADRত প্ৰকাশ পাইছে পাইছে এই তথ্য। এইবাৰৰ হিমাচল প্ৰদেশৰ নিৰ্বাচনত কংগ্ৰেছৰ কোটিপতি প্ৰাৰ্থীৰ সংখ্যা ৬১ আৰুবিজেপিৰ কোটিপতি প্ৰাৰ্থীৰ সংখ্যা ৫৬  আনহাতে, আপ’ৰ কোটিপতি প্ৰাৰ্থীৰ সংখ্যা ৩৫ বহুজন সমাজবাদী পাৰ্টীৰ কোটিপতি প্ৰাৰ্থীৰ সংখ্যা ১৩ চি পি আই(এম)ৰ কোটিপতি প্ৰাৰ্থীৰ সংখ্যা ৪ হিমাচল প্ৰদেশৰ নিৰ্বাচনী প্ৰাৰ্থীৰ মাজত কোটিপতি প্ৰাৰ্থীৰ তালিকা দেখি চকু কপালত উঠিছে বহুতৰে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296