মেঘালয়ত ভয়ংকৰ দুৰ্ঘটনাঃ গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কৰুণ মৃত্যু

Share This Article

মেঘালয়ৰ উমছামলেম গাঁৱত শনিবাৰে সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনাত। বাহনৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা তুৰাৰ চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক ফাৰ্ডিনান্দ বি লিংডোৰ। নিহত ফাৰ্ডিনান্দ লিংডো কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ জ্যেষ্ঠ ভাতৃ আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ই কে মাওলঙৰ পুত্ৰ। শ্বিলঙলৈ আহি থকাৰ অৱস্থাত মেঘালয়ৰ ৰিভয় জিলাত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে দীঘলীয়া যাত্ৰাৰ অন্তত ভাগৰ লগাত পথৰ কাষত গাড়ীখন ৰখাই জিৰণি লৈছিল লোকজনে। সেই সময়তে গাড়ীখনত জুইৰ সূত্ৰপাত হয় আৰু মুহূৰ্ততে জুয়ে আৱৰি ধৰে গাড়ীখন। জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ পিছত প্ৰচণ্ড বিস্ফোৰণ ঘটে গাড়ীখনত আৰু মৃত্যুমুখত পৰে লিংডো।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.