Investigative reporting with dedication.

অৱশেষত ড্ৰাগছ ৰেইড কেচত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ হাতত গ্ৰেপ্তাৰ হল শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খান। বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰক আন ১০ জন ব্যক্তিৰ সৈতে শনিবাৰে নিশা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ এটা দলে আটক কৰিছিল। মুম্বাই উপকূলৰ ওচৰত এখন ক্ৰুজ জাহাজত এটা ৰেভ পাৰ্টিত অভিযান চলাইছিল এনচিবিয়ে।
কৰ্ডেলিয়া ক্ৰুজ লাইনাৰৰ সম্ৰাজ্ঞী জাহাজত অভিযানৰ সময়ত কোকেইন তথা হাচিছ আৰু এমডিএমএৰ দৰে অবৈধ ড্ৰাগছ জব্দ কৰা হৈছিল। বাতৰি অনুসৰি কালি অভিযান চলাই এনচিবিয়ে ৩ গৰাকী মহিলাসহ মুঠ ১৩ জন লোকক জিম্মাত লৈছে।




