দেশত চলিছে ‘আদানিৰাজ’

বিগত ২০২০ চনৰ পৰা মুঠ ৮ টা কোৱাৰ্টাৰত এলআইচিয়ে আদানিৰ ৭ টা কোম্পানীত ইয়াৰ অংশীদাৰিত্ব বৃদ্ধি কৰিছে।আদানিৰ কোম্পানীত এলআইচিয়ে অংশীদাৰিত্ব প্ৰায় ৪ গুণ বৃদ্ধি কৰাৰ বিপৰীতে এটা কোম্পানীত ৬ গুণ বৃদ্ধি কৰিছে।তথ্যত প্ৰকাশ যে আদানিৰ ৭ টা কোম্পানীত এলআইচিৰ মুঠ অংশীদাৰিত্ব আছে ৭৪,১৪২ কোটি আৰু ই আদানি গ্ৰুপৰ মুঠ বজাৰ অংশীদাৰিত্বৰ ৩.৯ % উল্লেখ্য যে আদানি গ্ৰুপৰ মুঠ বজাৰ মূল্য হ’ল ১৮.৯৮ লাখ কোটি টকা ।ইণ্ডিয়ান এক্সপ্ৰেছৰ এই তথ্য অনুসৰি আদানিৰ কোম্পানীত এলআইচিৰ ২০২০ চনৰ ছেপ্তেম্বৰৰ পৰা ২০২২ চনৰ ছেপ্তেম্বৰৰ ভিতৰত অংশীদাৰিত্ব অভাৱনীয় হাৰত বৃদ্ধি পাইছে।এলআইচিত আদানি এণ্টাৰপ্ৰাইজত বিনিয়োগ আছিল ১ শতাংশতকৈ কম আৰু বৰ্তমান এই পৰিমাণ বৃদ্ধি হৈ হৈছেগৈ ৪.০২ শতাংশ।আদানি গেছত এলআইচিৰ বিনিয়োগ আছিল ১% আৰু বৰ্তমান ইয়াৰ পৰিমাণ হৈছেগৈ ৫.৭৭%আদানি ট্ৰেন্সমিছনত এলআইচিৰ আগতে বিনিয়োগ আছিল ২.৪২% আৰু এতিয়া এই পৰিমাণ হৈছেগৈ ৩.৪৬ % আদানি গ্ৰীণ এনাৰ্জিত আগতে বিনিয়োগ আছিল ১%তকৈ কম আৰু বৰ্তমান ইয়াৰ পৰিমাণ ১.১৫ % .কেৱল মাত্ৰ আদানি পৰ্টত বিনিয়োগ একেই আছে৷উল্লেখ্য যে ইয়াৰ আগতেও আদানি পৰ্টত বিনিয়োগ ৯ .৬১% আছিল আৰু চলিত বৰ্ষতো এই পৰিমাণ একেই আছে। আদানি পাৱাৰ আৰু আদানি উইলমাৰত এলআইচিৰ বিনিয়োগ ১%তকৈ কম।শ্বেয়াৰ আৰু বিনিয়োগৰ ক্ষেত্ৰখনত এলআইচিৰ অংশীদাৰিত্ব ২০২০ চনৰ পৰা প্ৰায় ১০ গুণ বৃদ্ধি পাইছে৷২০২০ চনত এলআইচিৰ বিনিয়োগ আছিল ৭,৩০৪ কোটি আৰু বৰ্তমান ইয়াৰ পৰিমাণ হৈছেগৈ ৭৪,১৪২ কোটি।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296